মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলাৰ দুলু চাহ বাগিচাৰ চাহ শ্ৰমিক পৰিয়ালৰ প্ৰতি সদিচ্ছাৰ চিন স্বৰূপে আজি বাগিচাখনত অনুষ্ঠিত এক অনুষ্ঠানত ১২৯৬ টা পৰিয়ালৰ প্ৰতিটো পৰিয়ালক ১ লাখ টকাকৈ চেক প্ৰদান কৰে।এই উপলক্ষে ভাষণ প্ৰদান কৰি কয় যে চাহ বাগিচাৰ অঞ্চলৰ জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।ৰাজ্য চৰকাৰে চাহ বাগিচাৰ অঞ্চলৰ জনসাধাৰণৰ আৰ্থ সামাজিক ,সংস্কৃতিৰ আৰু শৈক্ষিক বিকাশৰ বাবে কাম কৰি আছে।চেক প্ৰদান কৰি মুখ্যমন্ত্ৰী দুলু চাহ বাগিচাৰ অস্থায়ী কৰ্মচাৰী সকললৈও ৰাজ্য চৰকাৰে ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে। লগতে কয় যে দুলু চাহ বাগিচাৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক সৱলীকৰণৰ বাবে ৰাজ্য চৰকাৰে বাগিচাখনত থকা বিদ্যালয়ত পৰ্য্যাপ্ত সংখ্যক শিক্ষক নিযুক্তি দিব।তদুপৰি, দুলু চাহ বাগিচাৰ দৰিদ্ৰ পৰিয়ালক অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব বুলি উল্লেখ কৰি কয় যে এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব।তেওঁ বাগিচাৰ অন্তৰ্গত পৰিয়াল সমূহক এই ধনৰাশি সন্তানৰ শিক্ষাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ কয়।লগতে কয় যে যিহেতু শিক্ষা হৈছে মানৱ সম্পদ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা।সেয়েহে দুলু চাহ বাগিচাৰ পৰিয়াল সমূহে সন্তানক শিক্ষা প্ৰদান কৰিব লাগে আৰু চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তি বাবে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলৰ নিৰ্দ্ধাৰণ কৰা সংৰক্ষিত আসনৰ সদব্যৱহাৰ কৰিব লাগে।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে সমগ্র ৰাজ্যৰ চাহ বাগিচা এলেকাত বিনামূলীয়া বিদ্যুৎ যোগানৰ চিন্তা চৰ্চা কৰি আছে।মুখ্যমন্ত্ৰীয়ে কয় যে বিমান বন্দৰসমূহে একোটা অঞ্চলৰ অৰ্থনৈতিক বিকাশ কঢ়িয়াই আনে গতিকে দুলুত প্ৰস্তাৱিত বিমানবন্দৰটোৱে বৰাক উপত্যকা অঞ্চলৰ অন্তৰ্ভুক্ত অৰ্থনৈতিক উন্নয়ন গতি সূচনা কৰিব।তেওঁ কয় যে যিহেতু কুম্ভীৰগ্ৰামত থকা বৰ্তমান বিমানবন্দৰটোৰ প্ৰতিৰক্ষা বিমানবন্দৰ, গতিকে বিমানবন্দৰ পৰিবহণৰ বৰ্দ্ধিত চাহিদা অনুসৰি বিমানবন্দৰটোৰ সম্প্ৰসাৰণ কৰা সম্ভৱ নহয়।সেয়েহে দুলুত প্ৰস্তাৱিত নতুন বিমানবন্দৰটোৱে বিমান যাত্ৰীৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰাৰ উপৰি জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰিব।ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিলচৰ চহৰত ৰংগীৰখালৰ দুয়োকাষে শক্তিশালী গাৰ্ড ৱাল আৰু পথ বহলকৰণ প্ৰকল্পৰ আধাশিলা স্থাপন কৰে।এই প্ৰকল্পৰ চি আই চি এফৰ অধীনত ৪২০৬ লাখ টকা ব্যয় সাপেক্ষে সম্পন্ন কৰা হ’ব আৰু প্ৰকল্পটোৰ দৈৰ্ঘ্য ৩.৭২ কি:মি হ’ব।এই প্ৰস্তাৱিত আন্তঃগাঁঠনি কাম কনকপুৰ বজাৰৰ পৰা আৰম্ভ কৰি শ্যামানন্দ আশ্ৰম ,নেতাজি স্কুল হৈ সুনটিল হাস্পতাল সমীপত কৰিব।যাৰ ফলত নগৰাঞ্চলত বানপানী বহু পৰিমাণে হ্ৰাস পাব।অনুষ্ঠানত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল, বিত্তমন্ত্ৰী অজন্তা নেওগ,জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা ,সাংসদ ডাঃ ৰাজদ্বীপ ৰয়,বিধায়ক দ্বিপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰয় প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
Trending
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা