মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলাৰ দুলু চাহ বাগিচাৰ চাহ শ্ৰমিক পৰিয়ালৰ প্ৰতি সদিচ্ছাৰ চিন স্বৰূপে আজি বাগিচাখনত অনুষ্ঠিত এক অনুষ্ঠানত ১২৯৬ টা পৰিয়ালৰ প্ৰতিটো পৰিয়ালক ১ লাখ টকাকৈ চেক প্ৰদান কৰে।এই উপলক্ষে ভাষণ প্ৰদান কৰি কয় যে চাহ বাগিচাৰ অঞ্চলৰ জনসাধাৰণৰ কল্যাণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।ৰাজ্য চৰকাৰে চাহ বাগিচাৰ অঞ্চলৰ জনসাধাৰণৰ আৰ্থ সামাজিক ,সংস্কৃতিৰ আৰু শৈক্ষিক বিকাশৰ বাবে কাম কৰি আছে।চেক প্ৰদান কৰি মুখ্যমন্ত্ৰী দুলু চাহ বাগিচাৰ অস্থায়ী কৰ্মচাৰী সকললৈও ৰাজ্য চৰকাৰে ১ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে। লগতে কয় যে দুলু চাহ বাগিচাৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক সৱলীকৰণৰ বাবে ৰাজ্য চৰকাৰে বাগিচাখনত থকা বিদ্যালয়ত পৰ্য্যাপ্ত সংখ্যক শিক্ষক নিযুক্তি দিব।তদুপৰি, দুলু চাহ বাগিচাৰ দৰিদ্ৰ পৰিয়ালক অৰুনোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব বুলি উল্লেখ কৰি কয় যে এই আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালে প্ৰতিমাহে ১২৫০ টকাকৈ লাভ কৰিব।তেওঁ বাগিচাৰ অন্তৰ্গত পৰিয়াল সমূহক এই ধনৰাশি সন্তানৰ শিক্ষাৰ উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ কয়।লগতে কয় যে যিহেতু শিক্ষা হৈছে মানৱ সম্পদ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আহিলা।সেয়েহে দুলু চাহ বাগিচাৰ পৰিয়াল সমূহে সন্তানক শিক্ষা প্ৰদান কৰিব লাগে আৰু চিকিৎসা মহাবিদ্যালয়ৰ নামভৰ্তি বাবে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী সকলৰ নিৰ্দ্ধাৰণ কৰা সংৰক্ষিত আসনৰ সদব্যৱহাৰ কৰিব লাগে।মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে সমগ্র ৰাজ্যৰ চাহ বাগিচা এলেকাত বিনামূলীয়া বিদ্যুৎ যোগানৰ চিন্তা চৰ্চা কৰি আছে।মুখ্যমন্ত্ৰীয়ে কয় যে বিমান বন্দৰসমূহে একোটা অঞ্চলৰ অৰ্থনৈতিক বিকাশ কঢ়িয়াই আনে গতিকে দুলুত প্ৰস্তাৱিত বিমানবন্দৰটোৱে বৰাক উপত্যকা অঞ্চলৰ অন্তৰ্ভুক্ত অৰ্থনৈতিক উন্নয়ন গতি সূচনা কৰিব।তেওঁ কয় যে যিহেতু কুম্ভীৰগ্ৰামত থকা বৰ্তমান বিমানবন্দৰটোৰ প্ৰতিৰক্ষা বিমানবন্দৰ, গতিকে বিমানবন্দৰ পৰিবহণৰ বৰ্দ্ধিত চাহিদা অনুসৰি বিমানবন্দৰটোৰ সম্প্ৰসাৰণ কৰা সম্ভৱ নহয়।সেয়েহে দুলুত প্ৰস্তাৱিত নতুন বিমানবন্দৰটোৱে বিমান যাত্ৰীৰ বৰ্দ্ধিত চাহিদা পূৰণ কৰাৰ উপৰি জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰিব।ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে শিলচৰ চহৰত ৰংগীৰখালৰ দুয়োকাষে শক্তিশালী গাৰ্ড ৱাল আৰু পথ বহলকৰণ প্ৰকল্পৰ আধাশিলা স্থাপন কৰে।এই প্ৰকল্পৰ চি আই চি এফৰ অধীনত ৪২০৬ লাখ টকা ব্যয় সাপেক্ষে সম্পন্ন কৰা হ’ব আৰু প্ৰকল্পটোৰ দৈৰ্ঘ্য ৩.৭২ কি:মি হ’ব।এই প্ৰস্তাৱিত আন্তঃগাঁঠনি কাম কনকপুৰ বজাৰৰ পৰা আৰম্ভ কৰি শ্যামানন্দ আশ্ৰম ,নেতাজি স্কুল হৈ সুনটিল হাস্পতাল সমীপত কৰিব।যাৰ ফলত নগৰাঞ্চলত বানপানী বহু পৰিমাণে হ্ৰাস পাব।অনুষ্ঠানত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহল, বিত্তমন্ত্ৰী অজন্তা নেওগ,জল সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্তমল্ল বৰুৱা,শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা ,সাংসদ ডাঃ ৰাজদ্বীপ ৰয়,বিধায়ক দ্বিপায়ন চক্ৰৱৰ্তী আৰু কৌশিক ৰয় প্ৰমুখ্যে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান