দুৰ্নীতিমুক্ত বি টি আৰ,উন্নয়নৰ বিটিআৰ আৰু ৰূপান্তৰ বিটিআৰ গঠনৰ বাবে বিজেপি প্ৰাৰ্থীসকলক বিপুল ভোটত জয়যুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী আহ্বান

0 239

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি বাক্সাৰ নিমুৱাত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক বিটিচিৰ সৰ্বাংগীন উন্নয়ন তথা পৰিবৰ্তনৰ স্বাৰ্থত বিপুল ভোটদানেৰে জয়যুক্ত কৰাৰ আহ্বান জনায়।
নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে বিটিআৰবাসী জনসাধাৰণ ৰাজনৈতিক ভাৱে যথেষ্ট সজাগ আৰু সচেতন বুলি কয়।বিটিআৰবাসী জনসাধাৰণৰ মাজত ভাল আৰু বেয়াৰ বিচাৰ কৰাৰ ক্ষমতা আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ সৰ্বাংগীন পৰিবৰ্তনৰ বাবে জাতি-বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ জনসাধাৰণে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব বুলি কয়।

ভাৰতীয় জনতা পাৰ্টীয়ে বিটিআৰ অধীনত চাৰিখন জিলাৰ বৈপ্লৱিক পৰিবৰ্তন অনাৰ প্ৰতিশ্ৰুতিৰে এইবাৰৰ নিৰ্বাচনত পোন প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।বিজেপি মানে উন্নয়ন, বিজেপি মানে মৰ্য্যদা, বিজেপি মানে পৰিবৰ্তন,বিজেপি মানে হৈছে নিৰাপত্তা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে আগন্তুক দিনৰ বিটিআৰৰ অধীনৰ চাৰিখন জিলাৰ সৰ্বাংগীন উন্নয়ন বাবে বিটিআৰত বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দোহাৰে।
তেওঁ কয় যে যোৱা ১৭ বছৰ যি অপশাসন আৰু দুৰ্নীতি হ’ল তাৰ পৰা পৰিত্ৰাণ বিচাৰি বিটিআৰৰ জনসাধাৰনে বিজেপি চৰকাৰে মনে প্ৰাণে বিচাৰিছে। বিজেপি চৰকাৰ হ’লেহে এই অঞ্চলৰ ৰাইজৰ উন্নয়ন হ’ব।বিজেপি চৰকাৰ হলেহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিখন আঁচনিৰ পুঁজি শতকৰা ১০০ শতাংশ ভালদৰে ব্যৱহাৰ হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।যোৱা দিনবোৰত বিটিআৰৰ জনসাধাৰনে যথেষ্ট ভয় আৰু শংকাৰত জীৱন কটাব লগীয়া হৈছে।এই অশান্তি দিন নাইকিয়া কৰিব বাবে বিজেপি চৰকাৰৰ নিতান্তই প্ৰয়োজন বুলিও তেওঁ কয়।মুখ্যমন্ত্ৰীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ বাবে সকলো ভোটদাতা ৰাইজক সংকল্প ল’বলৈ আহ্বান জনায়।
বিজেপি চৰকাৰ গঠন হ’লে বিটিআৰৰ চাৰিখন জিলাক নতুন ৰূপত সজাই জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ পূৰণ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।বিজেপি চৰকাৰ হ’লে বিটিআৰৰ চাৰিখন জিলাকে ভাৰতবৰ্ষৰ অন্যতম উন্নত জিলা হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লোৱা হ’ব বুলিও কয়।বিটিআৰ অধীনত চাৰিখন জিলাৰ প্ৰতিটো পৰিয়ালৰ জীৱন আৰু সম্পত্তি সুৰক্ষা প্ৰদানৰ দিশত বিজেপি চৰকাৰে দায়বদ্ধতাৰে পদক্ষেপ ল’ব তেওঁ কয়।নিবনুৱা যুৱক যুৱতী সকলক যাতে কৰ্ম সংস্থাপনৰ পথ প্ৰশস্ত হয় তাৰ বাবে চাৰিওখন জিলা প্ৰতিটো প্ৰান্তত দক্ষতা বিকাশ কেন্দ্ৰ গঢ়ি তোলা হ’ব।বিজেপি চৰকাৰ গঠন হলে সমন্বয়ৰ মাজেৰে স্থায়ী শান্তি প্ৰতিষ্ঠা দিশত নিষ্ঠাসহকাৰে পদক্ষেপ ল’ব।
বিটিআৰত বিজেপি চৰকাৰ গঠন হ’লে বিটিআৰ চুক্তি প্ৰতিটো দফা ৰূপায়ণৰে বিকাশৰ নতুন যুগৰ সূচনা কৰিব বুলিও কয়।দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে বিগত চাৰে চাৰি বছৰ বিজেপি চৰকাৰখনে যেনেধৰণৰ মানসিকতাৰে কাম কৰি আহিছে ঠিক তেনে ধৰণে বিটিআৰটো দুৰ্নীতি মুক্ত বিটিআৰ গঠনৰ দিশত চৰকাৰে দৃঢ়তাৰে পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।দুৰ্নীতিমুক্ত বিটিআৰ,উন্নয়নৰ বিটিআৰ,আৰু ৰূপান্ত গঠনৰ বিটিআৰ গঠনৰ বাবে বিজেপি প্ৰাৰ্থী সকলক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে সংকল্পবদ্ধ হ’বলৈও সকলো শ্ৰেণী জনসাধাৰণৰক আহ্বান জনায়।
আজিৰ এই সভাত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহকৰ সদস্য মনদ্বীপ ডেকা,বৰপেটা জিলাৰ বিজেপি সভাপতি শংকৰ দাস,বৰপেটা বিধান সভাৰ সমষ্টিৰ বিধায়ক গুনীদ্ৰ নাথ দাস,বজালীৰ জিলা সমিতিৰ সভাপতি নগেন চৌধুৰীকে ধৰি দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে ওদালগুৰি জিলাৰ গোলমা গাঁও হাইস্কুল খেলপথাৰটো অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।

Leave A Reply

Your email address will not be published.