দেশৰ ভয়াবহ পৰিস্থিতিত সষ্টম থাকিবলৈ বিধায়কক আহ্বান -মুখ্যমন্ত্ৰী

0 275

সম্প্ৰতি সমগ্ৰ বিশ্বজুৰি ক’ভিড -১৯ ৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই সংক্ৰমণৰ পৰা দেশৰ জনগণক বচাই ৰখিবৰ বাবে ৰাষ্ট্ৰজোৰা লক ডাউন ঘোষণা কৰি সামাজিক দূৰত্ব বজাই ৰাখি ইয়াক সৰ্বাত্মকভাৱে পালন কৰাৰ বাবে জনসাধাৰণক আহ্বান জনাইছে।
 
 
এই কাৰ্যসূচী দেশৰ লগতে অসমৰ জনসাধাৰণেও পালন কৰাৰ বাবে সংক্ৰমণ প্ৰতিৰোধৰ বাবে নিজকে গৃহৰ ভিতৰতে আৱদ্ধ কৰি ৰাখিছে।ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম বিধানসভাৰ প্ৰতি গৰাকী বিধায়ককে এক পত্ৰ প্ৰেৰণ কৰি নিজৰ সমষ্টিত সম্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি জনসাধাৰণক এই কাৰ্য্যসূচী সৰ্বাত্মকভাৱে সফল কৰাৰ দিশত দায়বদ্ধতাৰে সেৱা আগবঢ়োৱাৰ বাবে আহ্বান জনাইছে।
 
 
পত্ৰখনত মুখ্যমন্ত্ৰীয়ে কয় যে বিধায়কসকলে নিজ নিজ সমষ্টিত চৰকাৰী সেৱা সমূহৰ পৰা যাতে কোনেও বঞ্চিত নহয়, সেই দিশত বিধায়কসকলে চোকা দৃষ্টি ৰাখিব লাগিব ।এই দিশত জিলা প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
 
 
 
সমগ্ৰ দেশতে এতিয়া জটিল পৰিস্থিতিয়ে বিৰাজ কৰিছে।লক ডাউনৰ সময় চোৱাত অত্যাৱশ্যকীয় সেৱা সামগ্ৰীৰ বাবে কোনো জটিলতা সৃষ্টি নহয় তাৰ বাবে প্ৰতিগৰাকী বিধায়ক সষ্টম থাকিবলৈ আহ্বান জনায়।

Leave A Reply

Your email address will not be published.