‘দ্য বিউটিফুল ট্ৰেজেডি’ উপন্যাসৰ বাবে তুলসী দিৱসত লেখক-সাংবাদিক মৰম কুমাৰলৈ পথাৰ পাব্লিচাৰ্ছৰ বিশেষ সন্মান

0 23

বুধবাৰে মহানগৰীৰ লাষ্টগেটস্হিত লোক নিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি লেখক-প্ৰকাশক-সমাজকৰ্মী মহীধৰ কলিতাৰ নেতৃত্বৰ পথাৰ পাব্লিচাৰ্ছৰ উদ্যোগত অনুষ্ঠিত ‘তুলসী দিৱস’ৰ অনুষ্ঠানত লেখক-সাংবাদিক মৰম কুমাৰলৈ তেওঁৰ চাৰিশ পৃষ্ঠাৰ অসমীয়া উপন্যাস ‘দ্য বিউটিফুল ট্ৰেজেডি’ৰ বাবে আগবঢ়োৱা হয় বিশেষ সন্মান।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতাৰ ডিগ্ৰীধাৰী তথা নিউজ লাইভ আৰু ছেণ্টিনেল গ্ৰুপৰ প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক মৰম কুমাৰে বিগত সময়ছোৱাত ইতিবাচক সাংবাদিকতাৰ লগতে গ্ৰন্থৰ জনপ্ৰিয়কৰণত গ্ৰহণ কৰি অহা ভূমিকা,সমাজৰ অসহায় সকলৰ হকে কৰি অহা কাম, ‘ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা’ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে শংকৰদেৱ বিষয়ক এক বিশেষ দিশৰ চৰ্চাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা, সাংস্কৃতিক সংগঠক হিচাপে পালন কৰা দায়িত্ব, ‘তুমি যদি অসমীয়া’ শীৰ্ষক বছৰজোৰা কাৰ্যসূচীৰ জৰিয়তে জাতীয় চেতনা জাগ্ৰত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ,প্ৰকাশক হিচাপে পালন কৰা ভূমিকা, ডেম’ক্ৰেচী লাইভ চেনেলৰ ‘গ্ৰন্হ ৰোমন্হন’ অনুষ্ঠানৰ জৰিয়তে অসমৰ লেখক-লেখিকাসখলৰ প্ৰকাশিত গ্ৰন্থৰ নিয়মীয়াকৈ প্ৰচাৰৰ হকে কৰা ব্যৱস্থা, ‘অসম ৰঙালী উৎসৱৰ জৰিয়তে বিহুটিক শুদ্ধ ৰূপত উপস্থাপনৰ বাবে লোৱা পদক্ষেপ, লেখক হিচাপে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানক ভূয়সী প্ৰশংসা কৰে পথাৰ পাব্লিচাৰ্ছে।

অনুষ্ঠানত সাপ্তাহিক প্ৰাগজ্যোতিষ কাকতৰ স্বত্বাধিকাৰী খগেন শইকীয়াই আনুষ্ঠানিকভাৱে তৰুণ প্ৰজন্মৰ সফল তথা আদৰ্শ যুৱ শক্তি হিচাপে পৰিচিত মৰম কুমাৰক এই সন্মান প্ৰদান কৰ

ইংৰাজী উপন্যাস Everybody, অসমীয়া উপন্যাস ‘দ্য বিউটিফুল ট্ৰেজেডি’কে ধৰি ১৩ খনকৈ গ্ৰন্থৰ ৰচক মৰম কুমাৰে মৰমলেণ্ড পাব্লিকেশ্বনৰ সঞ্চালক হিচাপে ১০০ তকৈ অধিক গ্ৰন্থ প্ৰকাশ কৰিছে। আনহাতে ক’ভিডকালীন সময়ত একেৰাহে তিনিমাহ মহানগৰীৰ ভিন্ন প্ৰান্তত থকা অসহায় লোকক খাদ্য যোগান ধৰি মানৱদৰদী হৃদয়ৰ পৰিচয় দিবলৈ সক্ষম হৈছিল।

মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ জৰিয়তে ৰুদ্ৰ বৰুৱাৰ গীতৰ প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা, বিষ্ণু ৰাভাৰ গীত নৃত্যৰ প্ৰতিযোগিতা আদি অনুষ্ঠিত কৰি সুস্থ সংগীতৰ প্ৰচাৰ-প্ৰসাৰত ভূমিকা পালন কৰি আহিছে।

আনহাতে ২০২১ চনৰ পৰা মৰম কুমাৰৰ নেতৃত্বত মৰমলেণ্ড আৰু ডেম’ক্ৰেচী লাইভৰ জৰিয়তে ‘ৰাষ্ট্ৰীয় শংকৰদেৱ চৰ্চা’ শীৰ্ষক এক চিন্তাৰ জৰিয়তে অসমীয়া জাতি প্ৰতিষ্ঠাৰ জনক শ্ৰীমন্ত শঙ্কৰদেৱৰ বিশ্বজনীন দিশসমূহৰ বিষয়ে এক চৰ্চাৰ ব্যৱস্থা কৰি আহিছে।

ইয়াৰ ভিতৰত শংকৰদেৱ বিষয়ক বিভিন্ন বক্তৃতা অনুষ্ঠান আয়োজন, ডিজিটেল মিডিয়াৰ জৰিয়তে শংকৰদেৱ বিষয়ক কুইজ অনুষ্ঠিত কৰা আৰু শংকৰদেৱ বিষয়ক মুখপত্ৰ প্ৰকাশৰো ব্যৱস্থা কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰি আহিছে মৰম কুমাৰে।

আনহাতে শেহতীয়াকৈ ‘তুমি যদি অসমীয়া’ শীৰ্ষক এক বৰ্ষজোৰা কাৰ্যসূচীৰ জৰিয়তে অসমীয়া ভাষা, জাতিক উদ্বুদ্ধ কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছে মৰম কুমাৰে।

বিগত বৰ্ষৰ পৰা ‘অসম ৰঙালী উৎসৱ’ এক অনুষ্ঠানৰ জৰিয়তে অসম আৰু অসমীয়াৰ পৰিচয় ৰঙালী বিহুটিৰ শুদ্ধ ৰূপত উপস্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে ‘মানৱদৰদী’ শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে মৰম কুমাৰে মহানগৰীৰ ভিন্ন ঠাইত থকাসকলক মাজে সময়ে অন্ন প্ৰদানৰ ব্যৱস্থা কৰি এক মানৱীয় হৃদয়ৰ গৰাকী হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।

আনহাতে নিউজ লাইভত কৰ্মৰত হৈ থকাৰে পৰা সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰতো ভূমিকা পালন কৰি আহিছে মৰম কুমাৰে।

আনহাতে ডেম’ক্ৰেচী লাইভৰ গ্ৰন্থ ৰোমন্থন অনুষ্ঠানৰ জৰিয়তে অসমৰ লেখক-লেখিকাসকলৰ গ্ৰন্থৰ প্ৰচাৰৰ ব্যৱস্থা কৰিছে সাংবাদিক মৰম কুমাৰে।

আনহাতে ডেম’ক্ৰেচী লাইভৰ জৰিয়তে অসমীয়া গ্ৰন্থৰ বিনামূলীয়া বিজ্ঞাপনৰো ব্যৱস্থা কৰি লেখক-লেখিকাসকলক উপকৃত কৰি আহিছে এইগৰাকী তৰুণ প্ৰজন্মৰ কৰ্মোদ্যমী যুৱকে। শেহতীয়াকৈ লেখক-লেখিকাসকলক উপকৃত কৰাৰ উদ্দেশ্যে গ্ৰন্থৰ বিতৰণৰো ব্যৱস্থা লৈছে।

আনহাতে মৰম কুমাৰ পৰিকল্পনাৰে মৰমলেণ্ড ৱেলফেয়াৰ চ’ছাইটিৰ মহিলা গোটৰ তৰফৰ পৰা শেহতীয়াকৈ অসমৰ থলুৱা পিঠা-লাড়ু আটাইতকৈ কম খৰচত অতি সোৱাদযুক্ত ৰূপত আগবঢ়াই এক নতুন খাদ্য সংস্কৃতি গঢ়ি তোলাৰ লগতে একাংশ মহিলাক আৰ্থিকভাৱে টনকিয়াল কৰাৰো ব্যৱস্থা হাতত লৈছে।

অৱশ্যে এয়া নিত্যান্তই সামাজিক দায়ৱদ্ধতাৰ খাটিৰত কৰা বুলি প্ৰকাশ কৰে মৰম কুমাৰে। সকলোতকৈ কম খৰচত অতি উন্নত ৰূপত এই পিঠা-লাড়ু, তথা পিঠাজাতীয় অন্যান্য সামগ্ৰীসমূহ আগবঢ়োৱাৰ বাবে মৰম কুমাৰে গাঁঠিৰ ধন ভাঙি অসমীয়া ৰাইজক সুস্থ আৰু আনন্দদায়ক খাদ্য গ্ৰহণৰ সুযোগ দিব বিচাৰিছে। এই ব্যতিক্ৰমী পদক্ষেপৰ বাবে মৰম কুমাৰক ৰাইজে প্ৰশংসা কৰিছে। লগতে এক সুষম খাদ্য সংস্কৃতি গঢ়ি উঠাৰো বাট মুকলি হৈছে বুলি বহুতেই মন্তব্য কৰিছে।

বজালীৰ নিত্যানন্দৰ ওচৰৰ মৰিপুৰ আনন্দপুৰ গাঁৱত জন্মগ্ৰহণ কৰা মৰম কুমাৰে ২০০৪ চনত সাংবাদিকতা অধ্যয়নৰ বাবে গুৱাহাটীলৈ আহে আৰু পৰৱৰ্তী সময়চোৱাত ৰাজ্যখনৰ কেন্দ্ৰস্হল গুৱাহাটীৰ পৰাই বিভিন্ন কাম কাজ আগবঢ়াই নিছে।
এইখিনিতে উল্লেখ কৰাটো ভাল হ’ব যে ২০১৫ চনৰ পৰা মৰম কুমাৰৰ নেতৃত্বৰ মৰমলেণ্ড অসম এৱাৰ্ডছৰ জৰিয়তে ভিন্ন ক্ষেত্ৰৰ প্ৰতিভাধৰসকলক এখন মঞ্চত উপনীত কৰাই সফলতাৰ আদৰ্শৰ বাৰ্তা বিয়পাই অসমবাসীক উৎসাহিত কৰিবলৈ চেষ্টা কৰিছে।

মৰম কুমাৰৰ কামৰ পৰিসৰ বিশাল আৰু ব্যাপক। ক্ৰীড়াৰ ক্ষেত্ৰখনতো পদক্ষেপ গ্ৰহণ কৰিছে মৰম কুমাৰে। ইতিমধ্যে ২০২৩ চনত আন্তঃ গুৱাহাটী প্ৰাইজমানি টেবুল টেনিছ প্ৰতিযোগিতা অনুষ্ঠিত কৰি নিজৰ ক্ৰীড়া সুলভ মনৰো পৰিচয় দি আহিছে মৰম কুমাৰে।এই সন্মান প্ৰাপ্তিয়ে আগন্তুক সময়ত অধিক উৎসাহেৰে কাম কৰি যোৱাত সহায় কৰিব বুলি মন্তব্য কৰে কবি-লেখক-সাংবাদিক-প্ৰকাশক-সাংস্কৃতিক সংগীত-শংকৰদেৱৰ বিশ্বজনীন দিশৰ প্ৰচাৰক-সমাজকৰ্মী, ক্ৰীড়া সংগঠক, মানৱদৰদী মৰম কুমাৰে।

Leave A Reply

Your email address will not be published.