দৰং জিলাত জিলা উন্নয়ন সমিতিৰ বৈঠক অনুষ্ঠিত

0 60

বৃহস্পতিবাৰে দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত দৰং জিলা উন্নয়ন সমিতিৰ মাহেকীয়া বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰে জিলা আয়ুক্ত পূবালী গোহাঁয়ে।

বৈঠকত জিলা আয়ুক্তই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, লোক নিৰ্মাণ বিভাগ(গৃহ), সমাজ কল্যাণ, মীন, গৃহ আৰু নগৰ পৰিক্ৰমা, কৃষি, পশুপালন আদি গুৰুত্বপূৰ্ণ বিভাগসমূহৰ কাৰ্যকলাপ আৰু বৰ্তমান চলি থকা কাম-কাজৰ অগ্ৰগতিৰ বিস্তৃত পৰ্যালোচনা কৰে।

বৈঠকত জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়ন প্ৰকল্পৰ পৰ্যালোচনা কৰা হয়। সেই অনুসৰি খাৰুপেটীয়াত নিৰ্মাণ কৰা আদৰ্শ মহিলা মহাবিদ্যালয়, ছিপাঝাৰত আদৰ্শ আৱাসিক বিদ্যালয়, কৌপাতি আৰু টাংনিত জগন্নাথ কমিউনিটি ভৱন আৰু দক্ষতা কেন্দ্ৰৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।

ইয়াৰ উপৰিও দৰং মেডিকেল কলেজ আৰু চিকিৎসালয়, ক্ৰিটিকেল কেয়াৰ হস্পিটেল ব্লক, আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ, গৰুখুটিত সমন্বিত উদ্যান আদি বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰা হয়।

জিলা আয়ুক্তই চলি থকা সকলো উন্নয়নমূলক প্ৰকল্প সময়মতে সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংশ্লিষ্ট বিভাগসমূহক গুণগত মান আৰু নিৰ্ধাৰিত সময়সীমা মানি চলিবলৈ নিৰ্দেশ দিয়ে।

বৈঠকত জিলা উন্নয়ন আয়ুক্ত দেবজিৎ বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, অতিৰিক্ত জিলা আয়ুক্ত সান্তনা বৰা লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.