কামৰূপ জিলা কাৰাটে সন্থাৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে যোৱা ৩০ জুলাইত মহানগৰীৰ ধাৰাপুৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গনত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ আন্ত: জিলা কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত খেলত কামৰূপৰ মহানগৰ আৰু কামৰূপ জিলাৰ ১৪ টা কাৰাটে ক্লাবৰ প্ৰায় ৩০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে। উক্ত প্ৰতিযোগিতাত সোণ আৰু ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈ সকলে চলিত বৰ্ষৰ অক্টোবৰ মাহত অনুষ্ঠিত হ’ব লগীয়া সদৌ অসম কাৰাটে খেল প্ৰতিযোগিতাত খেলিবলৈ সুযোগ লাভ কৰিব। এদিনীয়াকৈ অনুষ্ঠিত কাৰাটে খেলত মুখ্য অতিথি হিচাবে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী জিলা বিজেপিৰ সভাপতি তপন দাস, কামৰূপ জিলা অগপৰ সভাপতি পৰেশ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কাকতি, অসম ৰাজ্যিক কাৰাটে সন্থাৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰী, কামৰূপ জিলা ক্ৰীড়া সন্থাৰ সভাপতি উত্তম ব্ৰহ্ম, সাধাৰণ সম্পাদক প্ৰাঞ্জল বুঢ়াগোহাঁই, ধাৰাপুৰ তালুকৰ সভাপতি তিলক কলিতাৰ উপৰিও বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰতিযোগিতাত লংকেশ্বৰ কাৰাটে গীল্ডৰ খেলুৱৈ উপাস্যা কাশ্যপ, অৰিস্মা চৌধুৰী আৰু নেহা কেওটে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে ধাৰাপুৰ ব্ৰহ্মপুত্ৰ কাৰাতে একাডেমিৰ খেলুৱৈ ক্ৰমে কৌশিক কলিতাই সোণ আৰু ব্ৰঞ্জ, যুৱদ্বীপ কলিতাই সোণ আৰু ব্ৰঞ্জ, পাৰ্থজিৎ দাসে সোণ, শৃংখল দাসে সোণ আৰু ৰূপ, প্ৰিয়ংশু দাসে ৰূপ, নম্ৰতা বৰুৱাই ৰূপ, হিয়াঞ্জলি কলিতাই ৰূপ, নয়ন মণি ঠাকুৰীৰই ৰূপ, দীকলু ডেকাই দুটাকৈ ব্ৰঞ্জ, প্ৰিন্স দাসে ব্ৰঞ্জৰ পদক, ৱিকি ডেকাই ব্ৰঞ্জ, জুবিন কলিতাই ব্ৰঞ্জ, তাজু আলিয়ে ব্ৰঞ্জ আৰু ধৃছিট ডেকাই ব্ৰঞ্জৰ পদক লাভ কৰিব সক্ষম হয়। আনহাতে পলাশবাৰী আঞ্চলিক চতোকান ক্লাৱে সোণ ১৩, ৰূপ ১৮ আৰু ব্ৰঞ্জৰ ২০ গৰাকী খেলুৱৈয়ে পদক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই