ৰঙিয়াত নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি

0 203

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি অন্যান্য ঠাইৰ লগতে আজি ৰঙিয়াতো নতুন ভোটাৰ প্ৰ-পত্ৰ তথা ভোটাৰৰ আধাৰ তথ্যৰ সংলগ্নকৰণৰ প্ৰ-পত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। নিৰ্বাচনী বিষয়া নীল হড়িৎ কৌশিকৰ উপস্থিতিত ৰঙিয়াৰ মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া জাৱিৰ ৰাহুল সুৰেশে এই প্ৰপত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানত ৰঙিয়া নিৰ্বাচনী জিলাৰ ভোটকেন্দ্ৰ পৰ্যায়ৰ বিষয়া তথা তত্ত্বাৱধায়কসকলো উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.