চতিয়াত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সমদল

0 209

স্বাধীনতা ৭৫ বছৰ উদযাপনৰ বাবে ভাৰত চৰকাৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে এলানি কাৰ্য্যসূচী গ্ৰহণ কৰিছে । ইতিমধ্যে জাতীয় পতাকাৰ বাবে বিভিন্ন অঞ্চলত পতাকা বিপনন কেন্দ্ৰ স্থাপন কৰা হৈছে । অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টত ঘৰে ঘৰে উৰিব ত্ৰিৰংগা । এই উদ্দেশ্যেৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সন্দৰ্ভত সজাগতা সমদল । আজি চতিয়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ পৰা উলিওৱা হয় সজাগতাৰ এক সমদল । উক্ত সমদলৰ ফ্লেগ অফ কৰে চতিয়া খণ্ড উন্নয়ন বিষয়া পলক শৰ্মাই। জীৱিকা সখী সকলে স্কুটি লৈ এই সমদলত অংশগ্ৰহণ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Leave A Reply

Your email address will not be published.