অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ বৈধ পৰিমাণ বিজ্ঞান নিয়ন্ত্ৰক শাখাই ক্ষুদ্ৰ বা বৃহৎ ব্যৱসায়ী সকলে যাতে জোখ – মাপৰ নামত গ্ৰাহকক ঠগিব নোৱাৰে আৰু তেঁওলোকৰ ওজন জোখা দগা, তৰ্জনী , লিটাৰ , মিটাৰ, পাল্লা, ওজন যন্ত্ৰ আদি ঠিকে আছে নে নাই তাৰ সত্যতা নিৰূপণৰ বাবে নিয়মীয়া ভাবে বজাৰ সমূহত সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আজাৰা থানা এলেকাৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ ধাৰাপুৰ চাৰিআলিত ২৮ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ এক সজাগতা শিবিৰ অনুষ্ঠিত হয় । আনহাতে বিভাগৰ বৈধ পৰিমাণ বিজ্ঞান পৰিদৰ্শক ইচাহক আহমেদৰ নেতৃত্বত এটা কৰ্মচাৰীৰ দলে শিবিৰত ধাৰাপুৰ চাৰিআলিত সৰু – বৰ ব্যৱসায়ীৰ ওজন জোখা সকলো ধৰণৰ দগা, তৰ্জনী , লিটাৰ, মিটাৰ, ওজন যন্ত্ৰ পৰীক্ষা কৰে । শিবিৰত বিভাগৰ কৰ্মচাৰী ৰীতুমণি কলিতাৰ উপৰিও বিভাগৰ জোখ – মাপৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান এ বি ৰিপেয়াৰিঙৰ আব্দুল বাৰিক, ৰফিকুল আহমেদ, ভাস্কৰ দাস আৰু আব্দুল ৰছিদে সহযোগিতা আগবঢ়াইছিল । আনহাতে পৰীক্ষাৰ সময়ত বিসংগতি ধৰা পৰা ওজন জোখা সকলো সামগ্ৰীৰে থিতাতে মেৰামতি কৰি সঠিক মাপত পৰীক্ষণৰ অন্তত ব্যৱসায়ী জনক প্ৰদান কৰা হয়। তেনেদৰে পৰীক্ষা কৰা সকলো ওজন জোখা সজুঁলিৰ সত্যতা নিৰূপণৰ পাছত মোহৰাংকন কৰি দিয়া হয়। আনহাতে শিবিৰত পৰিদৰ্শক আৰু কৰ্মচাৰীৰ দলটোৱে উপস্থিত ব্যৱসায়ী সকলক ওজন জোখা যন্ত্ৰ বা সামগ্ৰীৰ সহায়ত গ্ৰাহকক ঠগিলে কেনে ধৰণৰ বিভাগীয় শাস্তিৰ সন্মুখীন হব লাগিব আৰু ওজনৰ নামত গ্ৰাহকক ঠগোৱা কাৰ্য যে এটা অপৰাধ কাৰ্য তাক বুজাই দিয়ে। শিবিৰত নবীকৰণ আৰু বিসংগতি থকা ওজন জোখা যন্ত্ৰৰ বিপৰীতে বিভাগৰ ৰাজহ সংগ্ৰহ কৰা হয়। আনহাতে ৭ মাৰ্চৰ পৰা আজাৰা থানাৰ অন্তৰ্গত কাঁহিকুছি বজাৰত পুনৰ আন এটা সজাগতা শিবিৰ অনুষ্ঠিত হব।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ