অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনৰ বৈধ পৰিমাণ বিজ্ঞান নিয়ন্ত্ৰক শাখাই ক্ষুদ্ৰ বা বৃহৎ ব্যৱসায়ী সকলে যাতে জোখ – মাপৰ নামত গ্ৰাহকক ঠগিব নোৱাৰে আৰু তেঁওলোকৰ ওজন জোখা দগা, তৰ্জনী , লিটাৰ , মিটাৰ, পাল্লা, ওজন যন্ত্ৰ আদি ঠিকে আছে নে নাই তাৰ সত্যতা নিৰূপণৰ বাবে নিয়মীয়া ভাবে বজাৰ সমূহত সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে। ইয়াৰ অংশ হিচাপে বিভাগৰ কামৰূপ মহানগৰ জিলাৰ আজাৰা থানা এলেকাৰ ব্যৱসায়িক কেন্দ্ৰস্থল স্বৰূপ ধাৰাপুৰ চাৰিআলিত ২৮ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ এক সজাগতা শিবিৰ অনুষ্ঠিত হয় । আনহাতে বিভাগৰ বৈধ পৰিমাণ বিজ্ঞান পৰিদৰ্শক ইচাহক আহমেদৰ নেতৃত্বত এটা কৰ্মচাৰীৰ দলে শিবিৰত ধাৰাপুৰ চাৰিআলিত সৰু – বৰ ব্যৱসায়ীৰ ওজন জোখা সকলো ধৰণৰ দগা, তৰ্জনী , লিটাৰ, মিটাৰ, ওজন যন্ত্ৰ পৰীক্ষা কৰে । শিবিৰত বিভাগৰ কৰ্মচাৰী ৰীতুমণি কলিতাৰ উপৰিও বিভাগৰ জোখ – মাপৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান এ বি ৰিপেয়াৰিঙৰ আব্দুল বাৰিক, ৰফিকুল আহমেদ, ভাস্কৰ দাস আৰু আব্দুল ৰছিদে সহযোগিতা আগবঢ়াইছিল । আনহাতে পৰীক্ষাৰ সময়ত বিসংগতি ধৰা পৰা ওজন জোখা সকলো সামগ্ৰীৰে থিতাতে মেৰামতি কৰি সঠিক মাপত পৰীক্ষণৰ অন্তত ব্যৱসায়ী জনক প্ৰদান কৰা হয়। তেনেদৰে পৰীক্ষা কৰা সকলো ওজন জোখা সজুঁলিৰ সত্যতা নিৰূপণৰ পাছত মোহৰাংকন কৰি দিয়া হয়। আনহাতে শিবিৰত পৰিদৰ্শক আৰু কৰ্মচাৰীৰ দলটোৱে উপস্থিত ব্যৱসায়ী সকলক ওজন জোখা যন্ত্ৰ বা সামগ্ৰীৰ সহায়ত গ্ৰাহকক ঠগিলে কেনে ধৰণৰ বিভাগীয় শাস্তিৰ সন্মুখীন হব লাগিব আৰু ওজনৰ নামত গ্ৰাহকক ঠগোৱা কাৰ্য যে এটা অপৰাধ কাৰ্য তাক বুজাই দিয়ে। শিবিৰত নবীকৰণ আৰু বিসংগতি থকা ওজন জোখা যন্ত্ৰৰ বিপৰীতে বিভাগৰ ৰাজহ সংগ্ৰহ কৰা হয়। আনহাতে ৭ মাৰ্চৰ পৰা আজাৰা থানাৰ অন্তৰ্গত কাঁহিকুছি বজাৰত পুনৰ আন এটা সজাগতা শিবিৰ অনুষ্ঠিত হব।
Trending
- বিটিচি নিৰ্বাচন সন্দৰ্ভত তামুলপুৰ জিলা আয়ুক্তৰ সংবাদ মেল সম্বোধন
- ২৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ প্ৰস্তুতিৰ চূড়ান্ত পৰ্যালোচনা কৰিলে সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰত আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহ আৰম্ভ
- দক্ষিণ শালমাৰা – মানকাচৰ জিলাৰ কোক্ৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- Guwahati Hosts East Zone Regional Abilympics 2025
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ চৰকাৰী কাৰ্য্যসূচীৰ সবিশেষ সাংস্কৃতিক মন্ত্রী বিমল বড়াই পৰিয়ালক জনালে
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত প্ৰাচীন সাঁচিপতিয়া পুথি পঠন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- এইচ ডি এফ চি বেংকৰ ভাৰত জিপিটিৰ নিৰ্মাতা কোৰ’ভাৰত বিনিয়োগ
- চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ নতুন বিদ্যায়তনিক আৰু পুথিভঁৰাল ভৱন উদ্বোধন
- তামুলপুৰত জ’নেল আৰু ছেক্টৰ বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী