মহানগৰীৰ ধাৰাপুৰ টাইকোৱানডো অকাডেমীয়ে বৰপেটা জিলাত যোৱা ১৪ আৰু ১৫ মাৰ্চত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক আমন্ত্ৰণমূলক টাইকোৱানডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিজয়ী হৈ বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ হৈ মৃদুস্মিতা কলিতাই সোণৰ পদক , দ্বীপ কলিতাই ৰূপৰ পদক , গৌতম দাসে ৰূপৰ পদক , বাৰ্বি কলিতাই ব্ৰঞ্জৰ পদক , কৌস্তুভ প্ৰতিম ঠাকুৰীয়াই ব্ৰঞ্জৰ পদক , ৰিম্পী দাসে ব্ৰঞ্জ পদক আৰু ৰিংকু কলিতাই ব্ৰঞ্জৰ পদক লাভ কৰাৰ উপৰিও প্রতিযোগিতাত ধাৰাপুৰ টাইকোৱানডো একাডেমীয়ে শ্রেষ্ঠ দল হিচাপে বিবেচিত হয় । বৰপেটাৰ পৰা উভতি অহাৰ পিছত আজি ধাৰাপুৰ স্কুল খেলপথাৰত ধাৰাপুৰ টাইকোৱানডো একাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস আৰু ধাৰাপুৰ তালুকে আদৰণি জনায় । প্ৰতিযোগী সকলৰ সাফল্যত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ নাগৰিকে সন্তোষ প্ৰকাশ কৰিছে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন