ধেমাজিৰ মৌচুমৰ অনন্য প্ৰতিভা

0 212

কোনো ধৰণৰ অত্যাধুনিক সা সজুলিৰে নহয় কেৱল দা, কটাৰি,হাতুৰি ,বটালিৰে ধেমাজিৰ এজন যুৱকে কাঠৰ পৰা প্ৰস্তুত কৰিছে বিভিন্ন ধৰণৰ প্ৰতিকৃতি । সম্পূৰ্ণ নিমজ প্ৰতিকৃতি সমূহ দেখিলে সেয়া কেৱল হাতুৰি, বটালি মাৰি প্ৰস্তুত কৰা তাক আপুুুনি কল্পনা কৰিব নোৱাৰিব।কাঠেৰে নিৰ্মিত সাামগ্ৰী সমূূূহত কোনোধৰণৰ বাৰ্ণিছ কিম্বা ৰঙ ব্যৱহাৰ কৰা হোৱা নাই ।ধেমাজিৰ ৰায়টিং লক্ষীপুৰৰ মৌচুম গগৈ নামৰ দৰিদ্ৰ যুৱকজনে কেৱল হাতুৰি, বটালি ব্যৱহাৰ কৰি প্ৰস্তুত কৰিছে  শংকৰ দেৱ , ৰাধা কৃষ্ঞ , হনুমান , মৌৰা চৰাই আদি বিভিন্ন কাঠৰ সামগ্ৰী । আৰ্থিক ভাৱে দুৰ্বল যুৱকজনে চেষ্টা কৰা স্বত্বেও কেৱল অৰ্থৰ অভাৱত কিনিব পৰা নাই কাঠৰ সামগ্ৰী প্ৰস্তুত কৰিব পৰা সঁজুলি । ধেমাজিৰ অতি ভিতৰুৱা অঞ্চলৰ আৰ্থিক ভাৱে পিছপৰা পৰিয়ালৰ যুৱকজনৰ এনে প্ৰতিভাৰ বাবে অঞ্চলটোত বিশেষ চৰ্চা লাভ কৰিছে ।

Leave A Reply

Your email address will not be published.