ধ্ৰুপদী ভাষাৰ মৰ্যাদা অসমীয়া ভাষা

0 10

অসমীয়া জাতিৰ বাবে এক ঐতিহাসিক দিন৷৷অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাৰ হেতু লোৱা হ’ল এক বিৰল পদক্ষেপ৷আজি অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ মৰ্যদা। কেন্দ্ৰীয় কেবিনেটে জনোৱা হ’ল এই অনুমোদন৷৷ ইয়াৰ পূৰ্বে ছটা ভাষাহে আছিল ধ্ৰুপদী ভাষাৰ তালিকাত। সেই তালিকাত শেহতীয়াকৈ সংযোজন ঘটিল আমাৰ বিশ্ব দৰবাৰত স্বজ্ঞানেৰে মহীয়ান অসমীয়া ভাষা।

অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে,প্ৰতিগৰাকী অসমীয়াৰ বাবে এক ঐতিহাসিক ক্ষণ!শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ স্বকীয় অসমীয়া ভাষালৈ আজিৰ কেন্দ্ৰীয় কেবিনেটত ধ্ৰুপদী ভাষা (Classical Language)ৰ মৰ্যাদা প্ৰদানত অনুমোদন।

ইয়াৰ পূৰ্বে ভাৰতত মুঠ ছয়টা ভাষাকহে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়া হৈছিল। এই শাৰীত ধ্ৰুপদী ভাষা হিচাপে নতুনকৈ সংযোজিত হ’ল অসমীয়া ভাষা। এয়া সঁচাকৈয়ে এক আনন্দৰ বতৰা, এক দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত। চিৰ চেনেহী ভাষা জননীৰ এই মৰ্যাদাপ্ৰাপ্তিৰ যাত্ৰাত উল্লেখযোগ্য অৰিহণা যোগোৱা প্ৰতিগৰাকী ব্যক্তিকেই ধন্যবাদ জনাইছোঁ।

আজিৰ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসমবাসীৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীগৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এইছেগতে মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মাননীয় কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰীক তেওঁলোকৰ সক্ৰিয় ভূমিকাৰ বাবে ধন্যবাদ জনাইছো।তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ ভূমিকাৰো শলাগ লৈছোঁ।

ধ্ৰুপদী ভাষাৰ মৰ্যাদা পাবলৈ হ’লে এটা ভাষাৰ ইতিহাস ১৫০০-২০০০ বছৰৰ দৰে অতি পুৰণি আৰু মৌলিকতাৰে পূৰ্ণ তথা প্ৰাচীন সাহিত্যৰ লিপিবদ্ধ প্ৰমাণ থাকিব লাগে। এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে।

চৰকাৰে ধ্ৰুপদী ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সুৰক্ষা-সংৰক্ষণৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়। তদুপৰি গৱেষণাৰ বাবে পুঁজি যোগান, উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সংশ্লিষ্ট ভাষাৰ বাবে বিশেষ চকীৰ সূচনা, ধ্ৰুপদী ভাৰতীয় ভাষাৰ সাহিত্যিকৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা ইত্যাদি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ ফলত বিভিন্ন সংস্থাপনৰ পথো প্ৰশস্ত হ’ব।

Leave A Reply

Your email address will not be published.