নগাঁৱত ড্ৰাগছৰ নেতিবাচক প্ৰভাৱ আৰু ইয়াৰ সমাধান শীৰ্ষক সজাগতা সভা অনুষ্ঠিত

0 262

নগাঁৱত ড্ৰাগছৰ নেতিবাচক প্ৰভাৱ আৰু ইয়াৰ সমাধান সকলো সজাগ হও আহক” শীৰ্ষক গুৰুত্বপূৰ্ণ সজাগতা সভা ১৫ নৱেম্বৰত কাটনিগাঁও শ্বহীদ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰক্ষাগৃহত অনুষ্ঠিত হৈ যায়। স্বেচ্চাসেৱী অনুষ্ঠান দৃষ্টি বহুমুখী সমাজ আৰু নিজকে ড্ৰাগছৰ চক্ৰবেহুৰ পৰা উদ্ধাৰ কৰি সামাজিক কৰ্মত মনোনিবেশ কৰা জ্যোতি প্ৰসাদ বৰাৰ উদ্যোগত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সজাগতা সভাখনত উপস্থিত থাকি নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় – ড্ৰাগছক আমি আৰক্ষীয়ে শেষ কৰিব নোৱাৰো । এইবোৰ শেষ কৰিবলৈ জনসাধাৰণ সজাগ আৰু সচেতন হ`ব লাগিব। প্ৰত্যেকজন অভিভাৱক, শিক্ষক সমাজ, সচেতন নাগৰিক সজাগ হ`ব লাগিব। আৰক্ষীয়ে মাথো সহযোগীতাহে কৰিব পাৰো। স্বেচ্চাসেৱী অনুষ্ঠানটিৰ সমন্বয়ক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা সজাগতা সভাখন সঞ্চালনা কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিনামনি শৰ্মাই। বৰ্তমান সময়ত নৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া মহাকাল ৰূপী “ড্ৰাগছৰ নেতিবাচক প্ৰভাৱ আৰু ইয়াৰ সমাধান শীৰ্ষক” বিষয়ৰ ওপৰত বিশদ আলোচনা আগবঢ়ায় নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা: এল চি নাথ, নগাঁও জিলা মানসিক স্বাস্থ্য আঁচনিৰ নডেল বিষয়া ডা: জিয়াউদ্দিন আহমেদে । তিনিশতাধিক ৰাইজ উপস্থিত থকা সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত শান্তনা বৰাই। এনেধৰণৰ সজাগতাই এখন সুন্দৰ সমাজ গঢ়ি তুলিব বুলি সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে।
বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে

Leave A Reply

Your email address will not be published.