নগাঁৱলৈ গৌৰৱ কঢ়িয়ালে ৪ কীৰ্তিমানে

1 287

আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ফলাফল ঘোষণা কৰাৰ লগে লগে নগাঁও জিলাটো আনন্দৰ জোৱাৰ উঠিছে। ঘোষিত ফলাফলৰ প্ৰথম দহটা স্থানৰ চাৰিটা স্থান নগাঁৱৰ চাৰিগৰাকী কীৰ্তিমানে দখল কৰি নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।
 
 
 
অসমৰ ভিতৰতে দহটা স্থানৰ সপ্তম স্থানত নগাঁৱৰ এছ টি এণ্টনি স্কুলৰ ছাত্রী ঝলক জালান, নৱম স্থানত পলাশতল কাছমাৰি হাইস্কুলৰ ছাত্রী শিল্পী শিখা ডেকা, দশম স্থানত দুগৰাকী ক্ৰমে গুড ছামাৰিতান ইংলিছ স্কুলৰ ছাত্রী অংকিতা দে আৰু ৰহাৰ প্ৰাঞ্জল মে’মৰিয়েল একাডেমিৰ ছাত্র ঋত্বিক কুমাৰ সুত। এই ফলাফলৰ পিছতেই তেওঁলোকৰ গৃহলৈ শুভাকাংক্ষীৰ আগমন ঘটে আৰু আনন্দৰ জোৱাৰ উঠিছে। যদিও ভয়াবহ ক’ৰণা ভাইৰাছৰ বাবে বিভিন্ন নিয়ম বান্ধি আজি পুৱা ন বজাৰ লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় তথাপিও স্থানপ্ৰাপ্ত ছাত্র-ছাত্রী সকলৰ গৃহত বহু শুভাকাংক্ষীয়ে ভিৰ কৰা দেখা যায়।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

1 Comment
  1. অভিনন্দন জ্ঞাপন কৰিছো

Your email address will not be published.