নগাঁৱৰ শেনচোৱাত বিশ্ব পৰিবেশ দিৱস উদযাপন

0 237

আজি বিশ্ব পৰিবেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসম কৃষি বিশ্ব বিদ্যালয়ৰ অন্তৰ্গত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত শেনচোৱা ১ নং বালক প্ৰাথমিক বিদ্যালয়ত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পৰিবেশ দিৱস উদযাপন হয়। পুৱাৰ ভাগতে বিদ্যালয়খনৰ চৌহদত ভিন্ন জাতৰ ফল, ঔষধি বৃক্ষৰ পুলি ৰূপন কৰাৰ পাছত এখনি চিত্রাংকন প্ৰতিযোগীতা অনুষ্ঠিত হয়। তাৰ পিছতে পৰিবেশ দিৱসৰ ওপৰত এখনি সজাগতা সভাও অনুষ্ঠিত হয়। নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, পথাৰ শস্য বিশেষজ্ঞা ড° বন্তি গগৈ, পশু পালন বিশেষজ্ঞ ড° অনিমেশ ডেকা, সামুহিক বিজ্ঞান বিশেষজ্ঞা ড° আছফিকা ইছলাম, কৃষি অৰ্থনীতি আৰু পাম পৰিচালনা বিশেষজ্ঞা ড° চিংকি বৰ্মন, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, বিদ্যালয় খনৰ প্ৰধান জিত্র মোহন কলিতাই পৰিবেশ সজাগতাৰ ওপৰত গুৰুত্বপূৰ্ন বক্তব্য আগবঢ়াই। অনুষ্ঠানত শেনচোৱাৰ তৰুন চিত্রাংকন বিদ্যালয়ৰ অধ্যক্ষা মেৰী বৰুৱা, নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ কৰ্মচাৰী, যোৰহাট মহাবিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থী সকল, ছাত্র-ছাত্রী সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.