মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰা ৰাজহ চক্ৰ এলেকাৰ ব্ৰহ্মপুত্ৰৰ মাজৰ কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ৰাণী চাপৰিত কৃষকৰ পানী যোগানৰ সুবিধাৰ বাবে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ জৰিয়তে স্থাপন কৰা হৈছে ৩৫ টা সৌৰশক্তি চালিত অগভীৰ নলীনাদ।৪ জুনত একেলগে নলীনাদ সমূহ উদ্বোধন কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী-পলাশবাৰী সংমণ্ডলৰ দ্বাৰা প্ৰধানমন্ত্ৰী কৃষি সিঞ্চয়ী যোজনাৰ( প্ৰথম পৰ্যায় ) অধীনত কাৰ্যকৰী কৰা ৩৫ টা সৌৰশক্তি চালিত অগভীৰ নলীনাদ উদ্বোধন কৰি বিধায়ক কলিতাই ৰাণী চাপৰি কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে পৰ্যায় ক্ৰমে বিভিন্ন আঁচনি গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। এই উপলক্ষে জলসিঞ্চন বিভাগৰ অধীক্ষক অভিযন্তা ময়ুৰ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পশ্চিম গুৱাহাটী সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা নিলাক্ষী দাসে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত জলসিঞ্চন বিভাগৰ পশ্চিম গুৱাহাটী -পলাশবাৰী সংমণ্ডলৰ কেবাজনো অভিযন্তা – বিষয়া আৰু ৰাণী চাপৰিৰ কৃষকসকল উপস্থিত থাকে। উল্লেখযোগ্য যে ৬.৬৬ লাখ টকাৰে নিৰ্মিত প্ৰতিটো আঁচনিৰ পাম্প ক্ষমতা ৩ অশ্বশক্তি আৰু প্ৰতিটোৱে ৪ হেক্টৰ মাটিত পানী যোগান ধৰিব পাৰিব।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ