আমাৰ ভৱিষ্যত আমাৰ ভূমি, পুনৰুদ্ধাৰৰ প্ৰজন্ম আমি মূলমন্ত্ৰলৈ সমগ্ৰ বিশ্বতে ৫ জুন তাৰিখে উদযাপিত হোৱা পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি সপ্তাহযোৰা কাৰ্যসূচীৰে মহানগৰৰ চছলস্থিত নন্দী মিকিৰ প্ৰাথমিক বিদ্যালয়ে পৰিৱেশ দিৱসৰ আয়োজন কৰিছে৷কাৰ্যসূচীৰ অংশ হিচাপে ৫ জুন তাৰিখে বিদ্যালয়ৰ চৌহদত অৰ্ধ শতাধিক বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰে। লগতে এক সজাগতা সভাৰ আয়োজন কৰে ৷৬ জুন আৰু ৭ জুন তাৰিখে বিদ্যালয়ৰ কণমানি ছাত্ৰ-ছাত্ৰীসকলে ছয়মাইল চছলৰ বিভিন্ন স্থানত পৰিৱেশ সংৰক্ষণ আৰু সচেতনতা শীৰ্ষক আকৰ্ষণীয় বাটৰ নাট প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মোহাচ্ছন্ন কৰি তোলে ৷ উপস্থিত ৰাইজে কণমানিসকলৰ বাটৰ নাটক ভূয়সী প্ৰশংসা কৰে ৷ সপ্তাহযোৰা কাৰ্যসূচীৰ ৮ জুন তাৰিখে বিদ্যালয়ৰ প্ৰাংগনত পেলনীয়া সামগ্ৰীৰে প্ৰস্তুত কৰা বিভিন্ন আটকধুনীয়া সামগ্ৰীৰ প্ৰদৰ্শনী আয়োজন কৰে৷ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিওৱা প্ৰদৰ্শনী প্ৰতিযোগিতাৰ বিচাৰক হিচাপে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ টেৰণ, সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ আৰু সমাজকৰ্মী প্ৰশান্ত শইকীয়াই অংশগ্ৰহণ কৰে ৷ প্ৰদৰ্শনী প্ৰতিযোগিতাত যথাক্ৰমে চাকিবুল হুছেইন, পাৰবিন চুলতানা আৰু মাজনী খাটুনে প্ৰথম স্থান, শুব্ৰত বৰ্মন, নাজিমুল ইছলাম আৰু তান্তিয়া টফীয়ে দ্বিতীয় স্থান আৰু সংগীতা সিনহা, নাৰ্জিহানা খাটুন, নিশামণি দাস আৰু ৰঞ্জন শ্বেখে তৃতীয় স্থান লাভ কৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক অবণী শৰ্মা আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ তত্বাবধানত অনুষ্ঠিত সপ্তাহযোৰা কাৰ্যসূচীৰ অহা ১২ জুন তাৰিখে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব আৰু এই অনুষ্ঠানতে বঁটা বিজয়ী ছাত্ৰ-ছাত্ৰীসকলক বঁটা প্ৰদানৰ লগতে বাটৰ নাটৰ শিল্পী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষকে জানিবলৈ দিয়ে ৷
Trending
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা