সমগ্ৰ দেশৰ লগতে অসমতো ক’ভিড মহামাৰীয়ে দ্বিতীয় বাৰৰ বাবে জটিল ৰূপ ধাৰণ কৰি থকা সময়তে আজি নলবাৰী জিলাৰ পূৰ্ণকামদেৱ(মোমাইতোলা) গাঁৱত যোগ গুৰুকুল অসমৰ উদ্যোগত তথা SSDEKA MEDIA& ENTERTAINMENT PVT. LTD. আৰু শৰ্মা চ’লাৰ এন্টাৰপাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় এক সজাগতা শিবিৰ ।সজাগতা শিবিৰ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। আনহাতে অনুষ্ঠানত বিশেষ অতিথি হিচাপে উপস্থিত থাকে নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, বিশিষ্ট অভিনেতা মনমঠ বৰুৱা, বিজেপিৰ সাংস্কৃতিক কোষৰ সহ -আহ্বায়ক বিদ্যাসাগৰ,বিশিষ্ট চিকিৎসক হিমাংশু বুজৰবৰুৱা, সমীৰণ ডেকা। সম্পূৰ্ণ ক’ভিড পৰ্টকল মানি আয়োজন কৰা আজিৰ অনুষ্ঠানত immunity কিট প্ৰদানৰ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা শিবিৰৰ লগতে যোগভ্যাসো কৰে। উল্লেখযোগ্য যে অলকেশ বুজৰবৰুৱাৰ পৰিচালনাত আৰু নেতৃস্থানীয় যুৱকসমুহৰ অনুষ্ঠিত আজিৰ এই বিশেষ শিবিৰত উপস্থিত থাকি SSDEKA MEDIA& ENTERTAINMENT PVT. LTD. ৰ পৰিচালনা সঞ্চালক সমীৰণ ডেকা আৰু শৰ্মা চ’লাৰ এণ্টাৰপাইজৰ স্বত্বাধিকাৰ জ্ঞাননেন্দ্ৰ শর্মাই সম্প্ৰতি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে চৰকাৰে নিৰ্ধাৰণ কৰা কভিড বিধি মানি চলাবলৈ অনুৰোধ জনায়।ইপিনে এনে সজাগতা শিবিৰ অনুষ্ঠিত কৰা বাবে যোগ গুৰুকুল অসমক ধন্যবাদ জ্ঞাপন কৰে অনুষ্ঠানত উপস্থিত স্থানীয় যুৱক সকলে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem