নাৰী কল্যাণ মঞ্চ, অসমৰ সভা সম্পন্ন

0 210

#নাৰী কল্যাণ মঞ্চ, অসমৰ সভা সম্পন্ন#

, ৯মে’:

নাৰী কল্যাণ মঞ্চ, অসমৰ এখনি গুৰুত্বপূৰ্ণ সভা যোৱা ৭মে’ তাৰিখে মহানগৰীৰ চান্দমাৰীস্থিত “নিৰাময় ভৱন” প্ৰাংগণত মঞ্চৰ সভাপতি চফিউৰ ৰহমান শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য ব্যাখ্যাত মঞ্চৰ সচিব প্ৰধান ড০ অসমী গগৈয়ে কয়- অনুষ্ঠানটোৰ দ্বাৰা আগত সময়ত বিভিন্ন জিলা আৰু পিছপৰা অঞ্চলসমূহত কেনেদৰে কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিব পৰা যায় সেই বিষয়ে বক্তব্য দাঙি ধৰাৰ লগতে বিগত সভাৰ প্ৰতিবেদন পাঠ কৰে। সভাত ৰীতামণি বৰদলৈ, ডা: দীপিকা চৌধুৰী, গীতাঞ্জলি বৰা প্ৰভৃতিয়ে গীত-কবিতা পাঠেৰে সভাখন জিপাল কৰি তোলে। সভাত আগন্তুক জুন মাহত ‘বিশ্ব পাৰিপাৰ্শ্বিক দিৱস’ৰ লগত সংগতি ৰাখি “প্ৰকৃতি আৰু নাৰী” শীর্ষক এটি অনুষ্ঠান কৰিবলৈ সিদ্ধান্ত লোৱা হয়। নাৰী কল্যাণ মঞ্চ, অসমৰ জিলা পৰ্যায়ৰ অনুষ্ঠানটোৰ শাখা খুলি অনুষ্ঠানটোক সক্ৰিয় কৰিবলৈ সিদ্ধান্ত লোৱা হয়। সভাত মঞ্চৰ উপ-সভাপতি নীল কান্ত নাথেও বক্তব্য দাঙি ধৰে।

Leave A Reply

Your email address will not be published.