আজি গুৱাহাটী মহানগৰীৰ নাৰেংগীৰ সমীপৰ বোন্দাস্থিত জনজাতি প্ৰগতি পুথিভঁৰাল প্ৰাংগণত প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদৰ উদ্যোগত ৩২ সংখ্যক নেপালী ভাষা মান্যতা দিৱস উদযাপন কৰে।পুৱা ভাগত পতাকা উত্তোলন,শ্বহীদ তৰ্পণৰ অন্তত মুকলি সভা অনুষ্ঠিত হয়। প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদৰ সভাপতি কৃষ্ণ কুমাৰ সাপকোটাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে উন্নয়ন পৰিষদৰ সাহিত্য সচিব তথা লেখক ইয়েম বাহাদুৰ চেত্ৰীয়ে।সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহ সদস্য তথা কবি,সাহিত্যিক দীপক শৰ্মাই অংশ লৈ কয় আমি ভিন-ভিন ভাষা জানিব লাগে । ভাষা জানিব পাৰিলে সমন্বয়- সংহতি গঢ়িব পাৰি।আমি প্ৰতিটো জাতি-জনগোষ্ঠীৰ লগত সমন্বয়ৰ সাঁকো ডাল কপকপিয়া কৰিব লাগে ।নেপালী ভাষা বহু চহকী ভাষা।অসমীয়া ভাষা- সাহিত্যজগতো নেপালী সাহিত্যিকৰো অৱদান বহু আছে ।নেপালী সাহিত্য সভা, অসমৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নৱ সাপকোটাই সন্মানীয় অতিথিৰ ভাষণত কয়- বহু ত্যাগৰ বিনিময়ত আজিৰ পৰ্যায়ত নেপালী ভাষাই ভাৰতৰ বুকুত ঠন ধৰি উঠিছে । সাহিত্য, কলা, সংস্কৃতি সৰ্বততে নেপালী আগৰণুৱা । আমি ভাষা ৰক্ষাৰ হেতু আগবাঢ়ি আহিব লাগে । সভাত তিৱা সাহিত্য সভাৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি ভানাৰাম লালুং,ভাৰতীয় গোৰ্খা পৰিষংগৰ সচিব প্ৰকাশ দা হাল, নাৰেংগী এচ আৰ একাডেমীৰ অধ্যক্ষ কিশোৰ থাপা প্ৰভৃতিয়ে আলহী হিচাপে অংশ লৈ ভাষা ৰক্ষা, সংহতি, একতাৰ ওপৰত আলোকপাত কৰে।উন্নয়ন পৰিষদৰ মুখ্য সচিব অখিল প্ৰকাশ শৰ্মাই প্ৰাগজ্যোতিষপুৰ গোৰ্খা কলা-সংস্কৃতি উন্নয়ন পৰিষদে লোৱা বিভিন্ন উন্নয়নমূলক কাম, জাতিৰ বাবে কৰা বিভিন্ন দিশৰ ওপৰত বক্তব্য দাঙি ধৰে।সভাত বৈদেহী উপাধ্যায়, নিধিকা চেত্ৰী, ষাঠী উপাধ্যায়, ধৰিত্ৰী উপাধ্যায়ে নৃত্য, ৰেণু শৰ্মা, কৃষ্ণ প্ৰকাশ উপাধ্যায়, গকুল শৰ্মা,কুমাৰ চন্দ্ৰ চেত্ৰী, কনক চন্দ্ৰ ডেকাই কবিতা আবৃত্তি কৰে।শলাগৰ শৰাই আগবঢ়াই পৰিষদৰ কোষাধ্যক্ষ মোহন শৰ্মাই।
Trending
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem
- অসম পশুধন নিগমৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ