নাৰ্জী ফুলৰ খেতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিছে দৰং জিলাৰ খাৰুপেটীয়াৰ এজন খেতিয়কে ৷ মাথো ৩০ হাজাৰ টকা খৰচ কৰি তিনি মাহত দুই বিঘা মাটিত নাৰ্জি, মালতী ফুলৰ খেতি কৰি এতিয়া লৈ দুই লাখ টকা উপাৰ্জন হৈছে। এই ক্ষেত্ৰত খাৰুপেটীয়াৰ বিহুদিয়া গাঁওৰ প্ৰগতিশীল খেতিয়ক হাবিবুৰ ৰহমানে জনায় যে বছৰ বছৰ ধৰি শাক পাচলিৰ খেতি কৰি কেতিয়াবা বেয়া বতৰ আৰু কেতিয়াবা উচিত মূল্য নোপোৱাৰ কাৰণে লাভবান হ’ব পৰা নাছিলো কিন্তু দৰং জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়াৰ পৰা অনুপ্ৰেৰণা লৈ দুই বিঘা মাটিত প্ৰথম বাৰৰ বাবে নাৰ্জী মালতী ফুলৰ খেতি কৰি লাভাম্বিত হৈছে। তিনি মাহত মাথো দুই বাৰ খেতিত পানী আৰু এবাৰ জৈৱিক সাৰ দিয়াৰ বাহিৰে কোনো ধৰণৰ ৰাসায়নিক সাৰ নিদিয়াকৈ কম খৰচত অধিক লাভাম্বিত হ’বলৈ সক্ষম হৈছে। বিহুদীয়া গাঁৱৰ যুৱ খেতিয়ক হবিবুৰ ৰহমানে জানিবলৈ দিয়া মতে দুই বিঘা মাটিৰ নাৰ্জী ফুলৰ খেতিত মাথো ৩০ হাজাৰ টকা খৰচ কৰি তিনি মাহত নাৰ্জী মালতী ফুল ফুলা আৰম্ভ হ’ল আৰু মাথো এমাহত গুৱাহাটীৰ পানবজাৰ , মঙ্গলদৈৰ লগতে ৰাজ্যখনৰ বহু কেইটা বিবাহ পেণ্ডেলৰ ডেকৰেচনত নাৰ্জী ফুল বিক্ৰী কৰি এতিয়া লৈ প্ৰায় দুই লাখ টকা উপাৰ্জন কৰে।উল্লেখযোগ্য যে এনেধৰণৰ ফুলৰ খেতি ব্যৱসায়িক ৰূপত খেতি দৰঙত প্ৰথম বাৰৰ বাবে হৈছে । ৰাজ্যখনৰ লগতে সমগ্র দেশতে নিৱনুৱা যুৱক যুৱতী সকলে চাকৰিৰ পিচে পিচে দৌৰি মুল্যৱান সময় নষ্ট নকৰি বিভিন্ন ধৰণৰ খেতিৰ জৰিয়তে দেশখনৰ উন্নয়নৰ লগতে লাখ লাখ টকা উপাৰ্জন কৰি নিৱনুৱা সমস্যা সমাধান কৰিব পাৰে বুলি মন্তব্য কৰে খেতিয়ক হবিবুৰ ৰহমানে।খবৰ যুগুতালে খাৰুপেটিয়া পৰা আবুল হাছেমে..
Trending
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন
- দীপৰ বিলত পৰিভ্ৰমী চৰাই নিৰীক্ষণ কাৰ্যসূচীৰ সামৰণি :: ১০৮ প্ৰজাতিৰ বিদেশী পৰিভ্ৰমী চৰাই আৰু ৬৬ দেশী প্ৰজাতিৰ চৰাই নথিভুক্ত
- Dr. Himanta Biswa Sarma sworn in as The Chief Minister of Assam
- গুৱাহাটী প্ৰেছ ক্লাবত যুৱ কবি জোনাক প্ৰতীম বৰঠাকুৰৰ কবিতা পুথি ‘মায়া’ উন্মোচন
- গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি – পুৰুষত কটন আৰু মহিলা শাখাত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয় চেম্পিয়ন
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ