নিৰৱে সূচনা হৈছে এক বিপ্লৱৰ

0 252

যি সময়ত কন্যা সন্তানৰ সুৰক্ষাৰ বাবে চৰকাৰে বিভিন্ন আচনি গ্ৰহণ কৰিছে,সেই সময়ত শিৱসাগৰৰ নামতিৰ খনিকৰ গাঁওবাসীয়ে গুৰুত্বপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে। খনিকৰ গাৱত কন্যা সন্তান জন্ম হলে সাঁচি গছৰ পুলি ৰোপন কৰা হয়।জানিব পৰা মতে সাঁচি গছ পুলিৰ ৰোপনৰ পৰম্পৰা সেই গাঁওখনত পূৰ্বৰ পৰা আছিল।শেহতীয়াকৈ কন্যা সন্তান জন্ম হ’লে সাঁচি গছৰ পুলি ৰোৱা আৰম্ভ হৈছে।এই কামত আগভাগ লৈছে জনম খনিকৰ নামৰ ব্যক্তিজনে।এই সম্পৰ্কে জনম খনিকৰে কয় সাচি অতি মূল্যৱান গছ।এডাল পুৰঠ সাঁচি গছৰ মূল্য ১০হাজাৰৰ পৰা ১লাখ টকা পৰ্যন্ত ।গাৱৰ যি সকল আৰ্থিকভাৱে স্বচ্ছল নহয়,সেইসকল ব্যক্তিয়ে ঘৰত কন্যা সন্তান জন্ম হলে সাঁচি গছৰ পুলি ৰোপন কৰে।জনম খনিকৰে কয় মোৰ এজনী ছোৱালী আছে।তাই জন্ম হওঁতে সাঁচি গছৰ পুলি ৰোপন কৰিছিলো। উল্লেখযোগ্য যে সাঁচি গছৰ পৰা বিভিন্ন সুগন্ধি,তেল আদি প্ৰস্তুত কৰা হয়।

Leave A Reply

Your email address will not be published.