নুন মাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা ৫০জন অনাথ শিক্ষাৰ্থীৰ মাজত শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী প্ৰদান

0 264

মহানগৰীৰ নুনমাটি অঞ্চলৰ আর্থিকভাৱে পিছপৰা আৰু পিতৃ বা মাতৃ নথকা অথবা বিশেষভাবে সক্ষম লোকৰ অধ্যয়ন কৰি থকা পুত্ৰ কন্যা সকলক আজি শিক্ষণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী যোগান ধৰা হয় । উল্লেখ্য যে আই ৱাই ডি এফৰ উদ্যোগত আৰু আছাম ফ্ল’ৰিষ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত আজি বিয়লি নুনমাটি জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষাৰ্থী সকলক এই সামগ্ৰী সমূহ প্ৰদান কৰা হয় । অনুষ্ঠানত নুনমাটিৰ ৬ খন শিক্ষানুষ্ঠানৰ মুঠ ৫০ গৰাকী শিক্ষাৰ্থীক সামগ্ৰী যোগান ধৰা হয় । অনুষ্ঠানত আছাম ফ্ল’ৰিষ্ট নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ সঞ্চালক ৱাজিল হক,নুনমাটি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ নীলচান তৰা বেগমকে ধৰি অন্যান্য সদস্য সকল আৰু শিক্ষাৰ্থী ,অভিভাৱক সকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.