অসমৰ উদ্যোগ আৰু শিক্ষাক্ষেত্ৰৰ মাজত সম্পৰ্ক অধিক শক্তিশালী আৰু উন্নত কৰাৰ বাবে নুমলীগড় শোধনাগাৰ লিমিটেড ( এন আৰ এল) ৰ সৈতে ১৩ মাৰ্চত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত এন আৰ এলৰ l পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, এছ এছ এ ছ’চাইটিৰ সভাপতি যশোদাৰঞ্জন দাস আৰু গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প দাসকে ধৰি কেবাজনো শীৰ্ষ পদাধিকাৰী উপস্থিত থাকে। আনহাতে এই উপলক্ষে বিশ্ববিদ্যালয়ৰ সভাগৃহত আয়োজিত চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰসংগত এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকনে প্ৰযুক্তিৰ ভৱিষ্যৎ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে জলবায়ু সংকটৰ বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখ্য যে এই বুজাবুজিৰ চুক্তিৰ লক্ষ্য হৈছে পাৰস্পৰিকভাৱে উপকাৰী হোৱাকৈ কৌশল গ্ৰহণ কৰি উদ্যোগ আৰু শৈক্ষিক ক্ষেত্ৰৰ সংযোগ শক্তিশালী কৰা আৰু ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলা। দুয়োটা প্ৰতিষ্ঠানে পৰিকল্পনা কৰা কাৰ্য্যকলাপসমূহৰ ভিতৰত আছে যৌথ অনুষ্ঠানৰ ব্যৱস্থা কৰা, জ্ঞান আৰু তথ্য বিনিময় কৰাৰ লগতে গৱেষণা, অধ্যয়ন আদি বিভিন্ন ক্ৰিয়া-কলাপ সম্পন্ন কৰা। দুয়োটা প্ৰতিষ্ঠানে আশা কৰিছে যে প্ৰযুক্তি আৰু ব্যৱসায়িক ব্যৱস্থাপনাৰ ক্ষেত্ৰত নুমলীগড় শোধনাগাৰৰ ব্যৱহাৰিক দক্ষতা, অভিজ্ঞতাৰ দ্বাৰা গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উদ্যোগ আৰু প্ৰযুক্তি ক্ষেত্ৰত এক উন্নত শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব পৰা যাব। যাৰ ফলত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে গৱেষণা, অধ্যয়ন, কৰ্মশালা, সন্মিলন আদিৰ ক্ষেত্ৰত সহায় লাভ কৰিব। উল্লেখ্য যে তেল আৰু গেছেৰে সমৃদ্ধ অসমৰ চাৰিটা শোধনাগাৰৰ ভিতৰত অন্যতম নুমলীগড় শোধনাগাৰ।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem