বৃত্তমুখী পাঠ্যক্ৰমৰ জৰিয়তে কৰ্ম সংস্থাপনৰ পথ মুকলি কৰাৰ লক্ষ্যৰে নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনীয়াৰিং গুৱাহাটীয়ে নতুন শিক্ষাবৰ্ষৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰা আবেদন বিছাৰিছে। অনলাইন পাঠ্যগ্ৰহণৰ সুবিধা থকা এই প্ৰতিষ্ঠানটোত মুখ্যত এজন সুৰক্ষা বিষয়া হবলৈ কেনেদৰে প্ৰস্তুতি চলোৱা প্ৰয়োজন, সেই সন্দৰ্ভত শিক্ষা প্ৰদান কৰা হয়। ছেফটি অফিচৰজনৰ কাম হৈছে এটা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেণ্ট ছিষ্টেম পৰিচালনা কৰা। পাঠ্যক্ৰম সমূহ হল – হেল্থ ছেফটি এনভাইৰেণ্ট আৰু ইণ্ডাচষ্ট্ৰিয়েল ছেফটিত তিনিবছৰীয়া ডিগ্ৰী, ফায়াৰ ছেফটি হেল্থ ছেফটি এনভাইৰেনমেণ্ট এবছৰীয়া পষ্ট গেজুৱেণ্ট ডিপ্লমা, ছেফটি মেনেজমেণ্ট দুবছৰীয়া এম.বি.এৰ ডিগ্ৰী আৰু ফায়াৰ ছেফটি আৰু হেল্থ ছেফটি এনফাৰেনমেণ্টত দুবছৰীয়া ডিপ্লমা। বৰ্তমান অন্নমলাই বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষাদান কৰি অহা প্ৰতিষ্ঠানটোৰ পাঠ্যক্ৰম এ আই চি টি ই, ইউ জি চি, ডি ই বি আৰু ভাৰত মানৱ সম্পদ উন্নয়ণ দপ্তৰ, নতুন দিল্লীৰ অনুমোদিত। আগ্ৰহীসকলে ফোন নম্বৰ ৮৪৮৬৩-৩১২৪৪ ত যোগাযোগ কৰিব পাৰে। অধিক জানিবৰ বাবে www.nifsassam.com লগ অন কৰি চাব পাৰে। প্ৰতিষ্ঠানটোৰ ঠিকনা হৈছে – গৃহ -১৮৪, দ্বিতীয় মহলা, চানমাৰী কলনি, এইচ ডি.এফ.চি.বেংকৰ ওচৰত গুৱাহাটী।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন