নেতাজী জীৱনৰ বিৰল তথ্যৰে সমৃদ্ধ এখন গ্ৰন্থৰ কথাৰে

0 259

বিশ্বৰ ৰাজনৈতিক  ইতিহাসত ধুমুহা সৃষ্টি কৰিব পৰা এখন গ্ৰন্থ । গ্ৰন্থ খন নেতাজী জীৱনৰ বহু তথ্যৰে সমৃদ্ধ।
এই বিশেষ গ্ৰন্থখন লিখি উলিয়াইছে আমাৰ অসম কাকতৰ সাংবাদিক মণ্টু শইকীয়াই।নেতাজী বনাম গান্ধী, নেহৰু শীৰ্ষক গ্ৰন্থখনত নেতাজী জীৱনৰ গুৰুত্ব পূৰ্ণ প্ৰসংগই স্থান লাভ কৰিছে।
নেতাজীয়ে হিটলাৰৰ অস্ত্ৰ বাৰুদৰ কাৰখানা চাব যোৱাৰ পৰা আৰম্ভ কৰি নেতাজী, গান্ধীজীৰ সংঘাত, নেতাজীয়ে পত্নীলৈ লিখা বহুকেইখন চিঠি সন্নিৱিষ্ট আছে।
গ্ৰন্থ খনৰ সম্পৰ্কত সাংবাদিক মন্টু শইকীয়াই কয় যে দ্বিতীয় বিশ্ব যুদ্ধ সময়ৰ উৎসক সমল হিচাপে লৈ আৰু চৰকাৰী তথ্যৰ ভিত্তিত গ্ৰন্থ খন প্ৰকাশ কৰা হৈছে।ইয়াৰ দ্বিতীয় সংস্কৰণ জুলাইত মাহত দিল্লীত উন্মোচন কৰা হ’ব।উন্মোচনী অনুষ্ঠানত নেতাজী পৰিয়ালৰ ব্যক্তি উপস্থিত থাকিব।লগতে গ্ৰন্থ খন পঢ়ুৱৈ সমাজৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে বুলি তেখেতে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.