‘নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট’ (এন চি এল পি)ৰ অন্তৰ্গত প্ৰিয়বন্ধু, গণবন্ধু, সুন্দৰম, শৰাইঘাট, আমাৰ প্ৰয়াস আদি বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে কামৰূপ মহানগৰ জিলাত শিশু শ্ৰমিকসকলৰ কল্যাণৰ হকে চলাই থকা কাম-কাজৰ ওপৰত আলোচনা কৰিবলৈ আজি উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনামূলক সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাখনত ‘এন চি এল পি’ৰ অন্তৰ্গত বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে চলাই থকা কাম-কাজৰ বিষয়ে আলোচনা কৰাৰ পিছত উপায়ুক্তগৰাকীয়ে জিলা শ্ৰম বিষয়া, সমাজ কল্যাণ বিষয়াক প্ৰত্যেক বেচৰকাৰী সংস্থাৰ কেন্দ্ৰসমূহলৈ গৈ ক্ষেত্ৰ অধ্যয়নৰ পিছত মাহিলি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে উপায়ুক্তগৰাকীয়ে কামাখ্যা মন্দিৰ প্ৰাঙ্গনত শিশুসকলে চলাই থকা ‘ভিক্ষা বৃত্তি’ৰ অৱসান পেলাই শিশুসকলক পঢ়া-শুনাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সমাজ কল্যাণ আৰু শ্ৰম বিষয়াক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে। শিশুসকলৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তগৰাকীয়ে ‘নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট’ৰ অন্তৰ্গত চলাই থকা শিশুৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহত জিলা শিক্ষা বিষয়া প্ৰসন্ন বৰুৱাক কিতাপ-পত্ৰ যোগান ধৰাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ কৰে। সহকাৰী আয়ুক্ত ৰিমঝিম কোঁৱৰ, সহকাৰী শ্ৰম আয়ুক্ত, নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট (কামৰূপ মহানগৰ)ৰ সঞ্চালক মৌচুমী মহন্ত তথা নিয়োজিত আন আন বিষয়া-বৰ্গ, বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ উপৰি শিক্ষা, সমাজ কল্যাণ, শ্ৰম আদি বিভাগৰ মূৰব্বী বিষয়াসকল এই সভাত উপস্থিত থাকে।
Trending
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন