ইংৰাজী নৱবৰ্ষৰ উপলক্ষে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সমূহ অসম বাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।আজি এক বিবৃতি যোগে মুখ্য মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নৱবৰ্ষই নতুন চেতনা আৰু উদ্দীপনাৰে আগুৱাই যোৱাৰ বাবে সকলোকে উৎসাহিত কৰে। বিভিন্ন জাতি জনগোষ্ঠী,ভাষা ভাষী ধৰ্মালম্বী লোকৰ মিলন স্থলী অসমৰ বৰ্ণাঢ্য জীৱন ধাৰক নৱবৰ্ষৰ নতুন প্ৰভাতে ন উদ্যমেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি মুখ্য মন্ত্ৰীয়ে কয়। নতুন বছৰটোৰ সুপ্ৰাচীন পৰম্পৰা আৰু আচাৰ নীতিৰে সমৃদ্ধ আমাৰ গৰিমামণ্ডিত ঐতিহ্য, পৰম্পৰা আৰু সম্প্ৰীতিৰ এনাজৰী ডালো অধিক সমৃদ্ধ কৰিব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। নৱবৰ্ষৰ শুভক্ষণত ৰাজ্যখনক উন্নতি আৰু প্ৰগতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰে আত্ম নিয়োগ কৰিবলৈ ৰাজ্যবাসীক মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী