নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

0 164

ইংৰাজী নৱবৰ্ষৰ উপলক্ষে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই সমূহ অসম বাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।আজি এক বিবৃতি যোগে মুখ্য মন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে নৱবৰ্ষই নতুন চেতনা আৰু উদ্দীপনাৰে আগুৱাই যোৱাৰ বাবে সকলোকে উৎসাহিত কৰে। বিভিন্ন জাতি জনগোষ্ঠী,ভাষা ভাষী ধৰ্মালম্বী লোকৰ মিলন স্থলী অসমৰ বৰ্ণাঢ্য জীৱন ধাৰক নৱবৰ্ষৰ নতুন প্ৰভাতে ন উদ্যমেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাব বুলি মুখ্য মন্ত্ৰীয়ে কয়। নতুন বছৰটোৰ সুপ্ৰাচীন পৰম্পৰা আৰু আচাৰ নীতিৰে সমৃদ্ধ আমাৰ গৰিমামণ্ডিত ঐতিহ্য, পৰম্পৰা আৰু সম্প্ৰীতিৰ এনাজৰী ডালো অধিক সমৃদ্ধ কৰিব বুলি মুখ্য মন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। নৱবৰ্ষৰ শুভক্ষণত ৰাজ্যখনক উন্নতি আৰু প্ৰগতিৰ নতুন শিখৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত অধিক দায়বদ্ধতাৰে আত্ম নিয়োগ কৰিবলৈ ৰাজ্যবাসীক মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.