নৱম অসম ৰাজ্যিক চলচ্চিত্র বটাঁপ্ৰদান অনুষ্ঠান অনুষ্ঠিত

0 44

ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাদেৱে বাট কাটি দিয়া অসমীয়া চলচ্চিত্রই বিগত নটা দশকত বহু যুগান্তকাৰী পৰিবৰ্তনৰ সাক্ষী হৈছে’ -গুৱাহাটীৰ শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত নৱম অসম ৰাজ্যিক চলচ্চিত্র বটাঁপ্ৰদান অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই এইদৰে কয়।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ যৌথ উদ্যোগত আয়োজিত নৱম অসম ৰাজ্যিক চলচ্চিত্র বটাঁপ্ৰদান অনুষ্ঠানত উপস্থিত থাকি সাংস্কৃতিক মন্ত্রী বড়াই অসমীয়া চলচ্চিত্ৰ উদ্যোগক আগবঢ়াই নিয়াৰ দিশত দৰ্শকৰ দায়িত্ব সন্দৰ্ভতো মত ব্যক্ত কৰে।
বহু কেইগৰাকী নতুন চলচ্চিত্র নিৰ্মাতাই বিশ্বমানৰ ছবি নিৰ্মাণেৰে সাম্প্রতিক অসমীয়া ছবিৰ উত্তৰণত বিশেষ বৰঙণি যোগোৱাৰ কথাও মন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে।অসমীয়া চলচ্চিত্রৰ উত্তৰণৰ বাবে অসম চৰকাৰৰ ৫০লাখকৈ টকা অনুদানেৰে ১০টা ছবিগৃহ নিৰ্মাণ হৈ থকাৰ কথাও মন্ত্রী গৰাকীয়ে নিজৰ বক্তব্যত উল্লেখ কৰে।অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই জ্যোতিপ্রসাদ আগৰৱালাই আৰম্ভ কৰা* *অসমীয়া চলচ্চিত্ৰৰ বিগত সময়ৰ পৰিক্ৰমা অসমীয়া সংস্কৃতিৰো এক পৰিক্ৰমা বুলি উল্লেখ কৰে।
ড০ ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে মহান শিল্পী সকলে অসমীয়া চলচ্চিত্ৰৰ বাবে আগবঢ়াই যোৱা অৱদানৰ কথাও ভাষণত ৰাজ্যপাল আচার্যই উল্লেখ কৰেয়বঁটা প্ৰদান অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্য আৰু মন্ত্রী বিমল বড়াই ২০২০ আৰু ২০২১ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰৰ বাবে বটাঁ প্ৰাপক সকলক ৰাজ্যিক বঁটা সমূহপ্ৰদান কৰে।
উল্লেখ্য যে২০২১বৰ্ষত ধনজিৎ দাস পৰিচালিত ‘শব্দ নিশব্দ কোলাহল’ চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্র, শ্ৰেষ্ঠ পৰিচালককে ধৰি চাৰিটাকৈ বঁটা লাভ কৰে। ইয়াৰ বিপৰীতে ২০২০ বৰ্ষত শ্ৰেষ্ঠ চলচ্চিত্র আৰু শ্ৰেষ্ঠ পৰিচালকৰ শিতানত বঁটা লাভ কৰে বিশ্বজিৎ বড়া পৰিচালিত ‘বেলকনিত ভগৱান’ চলচ্চিত্র খনে।*
অনুষ্ঠানত দুয়োটা বৰ্ষৰ বাবে প্ৰায় ৪০টা শিতানত ৰাজ্যিক চলচ্চিত্র বটাঁপ্ৰদান কৰা হয়।
উল্লেখ্য যে অসমীয়া চলচ্চিত্ৰ লৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটা ২০২১ আৰু ২০২০ বৰ্ষৰ বাবে প্ৰদান কৰা হয় অভিনেতাদ্বয় ক্ৰমে দিনেশ দাস আৰু জয়ন্ত ভাগৱতীক।অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।অনুষ্ঠানতে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তী আৰু সাংস্কৃতিক সঞ্চালক ৰাহুল চন্দ্ৰ দাসে জুৰি সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.