পঞ্চম অসম আন্তঃৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য মেলা

0 216

WhatsApp Image 2018-01-05 at 5.26.54 PM

ৰাজ্যখনৰ অৰ্থনীতিৰ ভেটি শক্তিশালী কৰাৰ বাবে যুৱ প্ৰজন্মই কৃষি খণ্ডত উৎসৰ্গিত মনোভাৱেৰে কাম কৰিব লাগিব। বৰ্তমান ৰাজ্য চৰকাৰে কৃষি খণ্ডৰ বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। যাতে কৃষকসকল মৰ্য্যদা সহকাৰে জীৱন যাপন কৰিব পাৰে। ডিব্ৰুগড় চৌকিডিঙ্গী খেলপথাৰত আয়োজিত পঞ্চম অসম আন্ত: ৰাষ্ট্ৰীয় কৃষি উদ্যান শস্য প্ৰদৰ্শনী উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়। উল্লেখযোগ্য যে পোন প্ৰথমবাৰৰ বাবে এই প্ৰদৰ্শনীখন ৰাজধানীৰ পৰিৱৰ্তে বাহিৰত অনুষ্ঠিত হৈছে। অনুষ্ঠান মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে অতি শীঘ্ৰে ১ লাখ অগভীৰ নলী নাদ আৰু ১০ হাজাৰ সৌৰ পাম্প কৃষকসকললৈ আগবঢ়াব । প্ৰদৰ্শনীখনত ১৫০ খন বিপনীয়ে অংশ গ্ৰহণ কৰিছে।

WhatsApp Image 2018-01-05 at 5.26.06 PM
এই অনুষ্ঠানত ৫ গৰাকী ৰাষ্ট্ৰীয় পৰ্য্যায়ত সন্মান লাভ কৰা কৃষকক সম্বৰ্ধনা জনায়। আজিৰ এই অনুষ্ঠানটোত কৃষি বিভাগৰ অন্যান্য বিষয়াসকলৰ লগতে বহু কেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.