পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৃষিমন্ত্ৰী অতুল বৰাৰ

0 45

কৃষক শ্বহীদ দিৱস উপলক্ষে কৃষি, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী অতুল বৰাই বুধবাৰে দৰং জিলাৰ পাথৰিঘাটত উপস্থিত হৈ ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত মন্ত্ৰীগৰাকীয়ে ব্ৰিটিছ শাসকৰ বৰ্ধিত খাজনা আৰু শোষণমূলক ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পথৰুঘাট কৃষক বিদ্ৰোহত প্ৰাণ আহুতি দিয়া ১৪০ জন কৃষকৰ সৰ্বোচ্চ ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁ কয় যে শ্বহীদসকলৰ অতুলনীয় সাহস আৰু ত্যাগে আজিও প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই আহিছে আৰু অসমৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ই এক গৌৰৱময় অধ্যায় হিচাপে সদায় চিৰস্মৰণীয় হৈ থাকিব।

মন্ত্ৰী বৰাই লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমৰ কৃষক সমাজক অধিক উন্নত কৰাৰ লক্ষ্যৰে আৰু অৰ্থনৈতিক সবলীকৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন কৃষক-কেন্দ্ৰিক আঁচনি আৰু পদক্ষেপসমূহৰ ওপৰতো আলোকপাত কৰে।

অনুষ্ঠানৰ অংশ হিচাপে কৃষিমন্ত্ৰী অতুল বৰাই পথৰুঘাট কৃষক বিদ্ৰোহৰ শ্বহীদসকলৰ পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায়। অনুষ্ঠানত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। তদুপৰি এখন প্ৰদৰ্শনীও আয়োজন কৰা হয় । প্ৰদৰ্শনীত বিভিন্ন চৰকাৰী বিভাগ আৰু আত্মসহায়ক গোটসমূহে (SHG) কৃষি সামগ্ৰী, চৰকাৰী আঁচনি আৰু স্থানীয়ভাৱে উৎপাদন কৰা সামগ্ৰী প্ৰদৰ্শন কৰে আৰু দৰ্শনাৰ্থীসকলৰ বিশেষ আকৰ্ষণ লাভ কৰে।

এই অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড॰ পৰমানন্দ ৰাজবংশী, জিলা আয়ুক্ত পূবালী গোহাঁই, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, বিশিষ্ট সমাজকৰ্মী মুকুন্দ ডেকা, লগতে অন্যান্য গণ্যমান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.