মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বৰ্দ্ধিত পথ দুৰ্ঘটনা হ্ৰাস কৰি অসমক এখন কিদৰে দুৰ্ঘটনামুক্ত ৰাজ্যেলৈ পৰিণত কৰিব পাৰি তাৰ বাবে ৰাইজৰ মাজত ব্যাপক জনসচেতনা সৃষ্টি কৰিবলৈ প্ৰায় দুমাহ পূৰ্বে পৰিবহণ বিভাগক নিৰ্দেশ দিছিল। আনকি এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন সমূহকো আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা পৰিবহণ বিষয়া সকলক নিজ নিজ জিলাত ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে হাতে কামে নামি পৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ আহ্বান অনুসৰি “অসম ক্ৰীড়া , সাংস্কৃতিক আৰু যুৱ বিকাশ সন্থা” আৰু “সৃজন”ৰ উদ্যোগত , কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আজি পুৱা চানমাৰীৰ আনন্দৰাম বৰুৱা উৰণীয়া সেঁতুৰ তলৰ পৰা সোণাপুৰলৈ “জনসচেতনতা মটৰ চাইকেল ৰেলী” উলিওৱা হয় । পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ উপদেষ্টা সুনীল ডেকাই।এই উপলক্ষে জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কাৰ্যালয়ৰ দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আঁত ধৰা চমু অনুষ্ঠানত মনোজ শইকীয়া আৰু সুনীল ডেকাই দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰা বিষয়টোত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনামুক্ত এখন অসমৰ যি সপোন দেখিছে তাক বাস্তৱায়িত কৰিবলৈ হলে পৰিবহণ বিভাগ কিম্বা আৰক্ষীয়েই নহয় , চালক , ৰাইজ , যাত্ৰী , পথ ব্যৱহাৰকাৰী সকলোৱে আগবাঢ়ি আহিব লাগিব বুলি ব্যক্ত কৰে । অনুষ্ঠানত প্ৰাক্তন ছাত্ৰনেতা সীমান্ত ঠাকুৰীয়া , দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান ইয়ামাহা কোম্পানীৰ কাৰ্যবাহী জেৰী জাম , উপ আৰক্ষী অধীক্ষক পিনাকী মিত্ৰ , কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম , যান বাহন পৰিদৰ্শক জয়ছিং ৰংফাৰ , প্ৰৱৰ্তক পৰিদৰ্শক গজেন হাজৰিকাকে ধৰি পৰিবহণ বিভাগৰ কেবাজনো কৰ্মচাৰী , উদ্যোক্তা সংগঠন দুটাৰ কেবাগৰাকী কৰ্মকর্তা উপস্থিত থাকে । আনহাতে সীমান্ত ঠাকুৰীয়াৰ নেতৃত্বত উলিওৱা ৰেলীত মুঠ ৩০ খন মটৰ চাইকেলে ভাগ লয় । চানমাৰীৰ পৰা ৰেলীটোৱে গুৱাহাটী ক্লাব , উলুবাৰী হৈ জি এছ ৰোডৰে খানাপাৰা হৈ সোণাপুৰলৈ যায় । জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিয়া মতে ৰেলীৰ মূল উদ্দেশ্য আছিল ৰাইজৰ মাজত হেলমেট পৰিধান কৰাৰ সজাগতাৰ সৃষ্টি কৰাৰ লগতে যান বাহন আইন মানি নিয়ন্ত্ৰিত গতিবেগত বাহন চলায় কিদৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি ।
Trending
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign