মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত বৰ্দ্ধিত পথ দুৰ্ঘটনা হ্ৰাস কৰি অসমক এখন কিদৰে দুৰ্ঘটনামুক্ত ৰাজ্যেলৈ পৰিণত কৰিব পাৰি তাৰ বাবে ৰাইজৰ মাজত ব্যাপক জনসচেতনা সৃষ্টি কৰিবলৈ প্ৰায় দুমাহ পূৰ্বে পৰিবহণ বিভাগক নিৰ্দেশ দিছিল। আনকি এইক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠন সমূহকো আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলা পৰিবহণ বিষয়া সকলক নিজ নিজ জিলাত ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে হাতে কামে নামি পৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ আহ্বান অনুসৰি “অসম ক্ৰীড়া , সাংস্কৃতিক আৰু যুৱ বিকাশ সন্থা” আৰু “সৃজন”ৰ উদ্যোগত , কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সহযোগত আজি পুৱা চানমাৰীৰ আনন্দৰাম বৰুৱা উৰণীয়া সেঁতুৰ তলৰ পৰা সোণাপুৰলৈ “জনসচেতনতা মটৰ চাইকেল ৰেলী” উলিওৱা হয় । পতাকা জোকাৰি ৰেলীৰ শুভাৰম্ভ কৰে অসম পশুধন উন্নয়ন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ উপদেষ্টা সুনীল ডেকাই।এই উপলক্ষে জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ ) কাৰ্যালয়ৰ দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আঁত ধৰা চমু অনুষ্ঠানত মনোজ শইকীয়া আৰু সুনীল ডেকাই দুচকীয়া বাহনৰ চালক – আৰোহী উভয়ে হেলমেট পৰিধান কৰা বিষয়টোত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনামুক্ত এখন অসমৰ যি সপোন দেখিছে তাক বাস্তৱায়িত কৰিবলৈ হলে পৰিবহণ বিভাগ কিম্বা আৰক্ষীয়েই নহয় , চালক , ৰাইজ , যাত্ৰী , পথ ব্যৱহাৰকাৰী সকলোৱে আগবাঢ়ি আহিব লাগিব বুলি ব্যক্ত কৰে । অনুষ্ঠানত প্ৰাক্তন ছাত্ৰনেতা সীমান্ত ঠাকুৰীয়া , দুচকীয়া বাহন নিৰ্মাতা প্ৰতিষ্ঠান ইয়ামাহা কোম্পানীৰ কাৰ্যবাহী জেৰী জাম , উপ আৰক্ষী অধীক্ষক পিনাকী মিত্ৰ , কামৰূপ মহানগৰ জিলাৰ আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলাম , যান বাহন পৰিদৰ্শক জয়ছিং ৰংফাৰ , প্ৰৱৰ্তক পৰিদৰ্শক গজেন হাজৰিকাকে ধৰি পৰিবহণ বিভাগৰ কেবাজনো কৰ্মচাৰী , উদ্যোক্তা সংগঠন দুটাৰ কেবাগৰাকী কৰ্মকর্তা উপস্থিত থাকে । আনহাতে সীমান্ত ঠাকুৰীয়াৰ নেতৃত্বত উলিওৱা ৰেলীত মুঠ ৩০ খন মটৰ চাইকেলে ভাগ লয় । চানমাৰীৰ পৰা ৰেলীটোৱে গুৱাহাটী ক্লাব , উলুবাৰী হৈ জি এছ ৰোডৰে খানাপাৰা হৈ সোণাপুৰলৈ যায় । জিলা পথ সুৰক্ষা সমিতিৰ সদস্য সচিব গৌতম দাসে জানিবলৈ দিয়া মতে ৰেলীৰ মূল উদ্দেশ্য আছিল ৰাইজৰ মাজত হেলমেট পৰিধান কৰাৰ সজাগতাৰ সৃষ্টি কৰাৰ লগতে যান বাহন আইন মানি নিয়ন্ত্ৰিত গতিবেগত বাহন চলায় কিদৰে দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা হাত সাৰি থাকিব পাৰি ।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan