মহানগৰীৰ পাৰ্শ্ববৰ্তী পবিতৰা বন্যপ্রাণী অভয়াৰণ্যত পূৰ্বতকৈ বৃদ্ধি পাইছে পৰ্যটক আৰু দৰ্শনাৰ্থীৰ সংখ্যা। একেদৰে ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি পাইছে। ইফালে আজি ২০২৪-২৫ বৰ্ষৰ পৰ্যটন বৰ্ষৰ সামৰণিও পৰিছে । বিগত ২০২৪ বৰ্ষৰ ১৫ অক্টোবৰত পবিতৰা অভয়াৰণ্যত আৰম্ভ হৈছিল পৰ্যটক বর্ষ । বিগত ২০২৩-২৪ বৰ্ষতকৈ আজি সামৰণি পৰা পৰ্যটন বৰ্ষত প্ৰায় চাৰি হাজাৰ পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে। একেদৰে বৃদ্ধি পাইছে ৰাজহ সংগ্ৰহৰ পৰিমাণো । পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া প্রাঞ্জল বৰুৱাই জানিবলৈ দিয়া এইবেলি পৰ্যটন বর্ষত মুঠ ৩৪,৫৭৭ জন পৰ্যটকে অভয়াৰণ্যখন দৰ্শন কৰে। ইয়াৰ ভিতৰত ৩৩,৯৪০ জন ভাৰতীয় আৰু ৬৩৭ জন বিদেশী পৰ্যটক আছিল । ইয়াৰ বিপৰীতে পৰ্যটক আৰু দর্শনাথীৰ পৰা সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৬১,৪৬,৪৭৫ টকা। ইয়াৰ আগতে ২০২৩-২৪ পর্যটন বৰ্ষত পবিতৰা দৰ্শন কৰা পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা আছিল ৩০,৩০৫ জন। ইয়াৰ ভিতৰত ২৯,৮১৫ জন ভাৰতীয় আৰু ৬.৪১ জন বিদেশী আছিল । সেই পৰ্যটন বৰ্ষত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল ৫৪,১৭,৩০০ টকা। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত ১০৭ টা গঁড়, ১০০ ৰো অধিক ম’হ , বিভিন্ন প্ৰজাতিৰ হৰিণা, সৰীসৃপ জাতীয় প্ৰাণী আৰু দেশী – বিদেশী বিভিন্ন প্ৰজাতিৰ প্ৰায় ১১ হাজাৰ পক্ষী তথা চৰাই আছে। ইয়াৰে ৮০ শতাংশ চৰাই পৰিভ্ৰমী আৰু বাকীখিনী স্থানীয় প্ৰজাতিৰ হোৱাৰ লগতে সেই চৰাইখিনীৰ বেছিভাগেই পানীত থকা মাছকে ধৰি জলজ প্ৰাণী , উদ্ভিদ খাই জীয়াই থকা চৰাই। আনহাতে পৰ্যটকৰ হাতী চাফাৰীৰ বাবে ১৪ টা হাতী আৰু জীপ চাফাৰীৰ বাবে ২০ খন জীপৰ ব্যৱস্থা আছে।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO