পলাশবাৰীৰ দখলা ক’লনীত দখলা-পলাশবাৰীৰ মথাউৰিত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু দখলা কুকুৰীয়া ৰাইজ গয়ৰহৰ সহযোগত আজি প্ৰায় ৫০ জোপা বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া চেমিম আখতাৰে উপস্থিত থাকি এটি বকুল গছ পুলি ৰোপন কৰি পৰিবেশ আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশ্যি এই কাৰ্যসূচী ৰোপন কৰা হয় বুলি কয়। লগতে বিভিন্ন সময়ত অনুষ্ঠান-প্ৰতিষ্ঠান সমূহত গছ পুলি ৰোপন কৰি ৰাইজক সজাগ কৰাৰ লগতে কোনোবাই এডাল কাটিলে একশ ডাল গছ ৰুব লাগে। আজি যিদৰে গছপুলি ৰোপন কৰা হৈছে তেনেদৰে গছপুলি বোৰ প্ৰতিপালন কৰাৰ বাবে বনবিভাগৰ লগতে ৰাইজকো চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত দখলা ক’লনী ৰাইজ গয়ৰহৰ সম্পাদক ৰবিন কলিতা, উপদেষ্টা দ্বিজেন দাসসহ অঞ্চলটোৰ বহুকেইজন যুৱকৰ লগতে বনবিভাগৰ লোকসকলেও উপস্থিত থাকি একোডালকৈ গছপুলি ৰোপন কৰে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন