পলাশবাৰীৰ দখলা ক’লনীত বিভিন্ন প্ৰজাতিৰ ৫০ জোপা গছপুলি ৰোপন

0 139

পলাশবাৰীৰ দখলা ক’লনীত দখলা-পলাশবাৰীৰ মথাউৰিত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আৰু দখলা কুকুৰীয়া ৰাইজ গয়ৰহৰ সহযোগত আজি প্ৰায় ৫০ জোপা বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া চেমিম আখতাৰে উপস্থিত থাকি এটি বকুল গছ পুলি ৰোপন কৰি পৰিবেশ আৰু ৰাইজক সজাগ কৰাৰ উদ্দেশ্যি এই কাৰ্যসূচী ৰোপন কৰা হয় বুলি কয়। লগতে বিভিন্ন সময়ত অনুষ্ঠান-প্ৰতিষ্ঠান সমূহত গছ পুলি ৰোপন কৰি ৰাইজক সজাগ কৰাৰ লগতে কোনোবাই এডাল কাটিলে একশ ডাল গছ ৰুব লাগে। আজি যিদৰে গছপুলি ৰোপন কৰা হৈছে তেনেদৰে গছপুলি বোৰ প্ৰতিপালন কৰাৰ বাবে বনবিভাগৰ লগতে ৰাইজকো চকু দিবলৈ আহ্বান জনায়। অনুষ্ঠানত দখলা ক’লনী ৰাইজ গয়ৰহৰ সম্পাদক ৰবিন কলিতা, উপদেষ্টা দ্বিজেন দাসসহ অঞ্চলটোৰ বহুকেইজন যুৱকৰ লগতে বনবিভাগৰ লোকসকলেও উপস্থিত থাকি একোডালকৈ গছপুলি ৰোপন কৰে।

Leave A Reply

Your email address will not be published.