অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কাহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ উদ্যোগত কামৰূপ জিলাৰ পলাশবাৰী নহিৰাত যোৱা ২ ছেপ্তেম্বৰত বিশ্ব নাৰিকল দিৱস উদযাপন কৰে। কাহিকুছি উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড০ যোগেশ চন্দ্ৰ নাথে নাৰিকলৰ পুলি ৰোপন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শুভাৰম্ভ কৰি নাথে ভাষণ প্ৰসঙ্গত নাৰিকলৰ উপকাৰিতা বিষয়ে উল্লেখ কৰি নাৰিকল এবিধ অৰ্থকাৰী বহুবৰ্ষী শস্য আৰু কল্পবৃক্ষ হিচাপে স্বীকৃত হেজাৰৰো অধিক গুণ থকা নাৰিকল খেতি কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হবলৈ কৃষকসকলক আহ্বান জনায়। লগতে নাৰিকলৰ পৰা প্ৰস্তুত কৰা খাদ্য সন্দৰ্ভত বিশ্ব নাৰিকল দিৱসত অংশ গ্ৰহণ কৰা মহিলাসকলক প্ৰেৰণা জগোৱাৰ লগতে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। অনুষ্ঠানত গৱেষণা কেন্দ্ৰৰ কণিষ্ঠ বিজ্ঞানী ৰিংকুমণি ফুকনে নাৰিকল খেতিৰ প্ৰণালী যেনে জাত নিৰ্বাচন, মাতৃগছৰ নিৰ্বাচন পদ্ধতি, নাৰিকল বীজ দিয়াৰ নিয়ম, পুলিৰ বাচনি আৰু ৰোপন সময়, পুলিৰ দুৰত্ব, গাতৰ আকাৰ, নাৰিকলত সাৰ প্ৰয়োগ, পানীৰ যোগান আদিৰ বিষয়ে বিস্তৃত ব্যাখ্যা দাঙি ধৰে। অনুষ্ঠানত আন এগৰাকী বিজ্ঞানী ড০ সমীৰণ পাঠকে নাৰিকল খেতিত আক্ৰমণ কৰা বিভিন্ন পোক পৰুৱা, বেমাৰ আজাৰ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে বিতংকৈ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উক্ত অনুষ্ঠানৰ আঁতধৰে স্থানীয় যুৱক তথা জ্ঞান-বিজ্ঞান নামৰ স্বেচ্ছাসেৱী সংগঠনৰ কামৰূপ জিলা সভাপতি মুনীন্দ্ৰ চন্দ্ৰ দাসে আৰু অনাতাৰ শিল্পী সুনীল দাসে এটি কামৰূপীয়া লোকগীতৰে অনুষ্ঠানটোৰ শুভাৰম্ভণী কৰে। উক্ত নাৰিকল দিৱসৰ লগত সংগতি ৰাখি এটি প্ৰশিক্ষণ শিৱিৰো অনুষ্ঠিত কৰে। উক্ত প্ৰশিক্ষণ শিৱিৰত প্ৰায় ৫০ গৰাকী পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা