এপ’ল মিলৰ ৩৯৪ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি আনুষ্ঠানিকভাৱে প্ৰদান মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

0 153

অসমৰ মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে কৰা ঘোষণা অনুসৰি অসম চৰকাৰৰ সমবায় বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই আজি ৰঙিয়াস্থিত অসম পলিয়েষ্টাৰ সমবায় সমিতি লিমিটেড (এপ’ল)ৰ ৩৯৪ গৰাকী কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ সমবায়, শক্তি, খনি আৰু খনিজাত পদাৰ্থ, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতা আৰু পদক্ষেপৰ বাবেই এপ’ল মিলৰ কৰ্মচাৰীসকলে নিজৰ প্ৰাপ্যখিনি লাভ কৰিবলৈ সক্ষম হ’ল। এই পদক্ষেপৰ বাবে তেওঁ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। সমবায় আন্দোলনক আগুৱাই লৈ যোৱাৰ বাবে তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ অনুষ্ঠানত স্বেচ্ছামূলক অৱসৰৰ প্ৰথম কিস্তি হিচাপে ১২কোটি টকা বেংক একাউণ্টযোগে পোনপটীয়াকৈ প্ৰদান কৰাৰ লগতে বকেয়া ধনৰাশিও অতি সোনকালেই প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

অনুষ্ঠানত ভাষণ আগবঢ়াই স্থানীয় বিধায়ক ভৱেশ কলিতাই কয় যে এপ’ল মিলৰ ভূমিখিনি সমবায় বিভাগৰ পৰা উদ্যোগ বিভাগলৈ হস্তান্তৰ কৰি তাত এখন ঔদ্যোগিক পাম গঢ়ি তোলা হ’ব। স্বেচ্ছামূলক অৱসৰৰ ধনৰাশিৰ সদ্ব্যৱহাৰেৰে জীৱিকা সৃষ্টিকাৰী কাম-কাজ হাতত ল’বলৈ তেওঁ কৰ্মচাৰীসকলৰ প্ৰতি আহ্বান জনায়।

ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনত আয়োজিত এই অনুষ্ঠানত হাউচফেডৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক ভৱেশ কলিতা, ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, সমবায় বিভাগৰ অতিৰিক্ত মুখ্য সচিব মনিন্দৰ সিং, এপ’ল মিলৰ অধ্যক্ষ নৰেন শৰ্মা আদিও উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.