শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান বেলিকিডছ এডুকেয়াৰে শিশুসকলৰ সৃজনীশীল বিকাশৰ বাবে সাধু সাধু সাধু ৰেডিঅ’তে শুনো শীৰ্ষক সাধুকথাৰ এলানি বিশেষ কাৰ্যসূচী আজি প্ৰতিষ্ঠানটোৰ বাকৰিত শুভাৰম্ভণি কৰে ।দৃশ্য মাধ্যমৰ বিপৰীতে শ্ৰব্য মাধ্যমৰ জৰিয়তেহে শিশুসকলৰ কল্পনাশক্তিৰ প্ৰকৃত বিকাশ সম্ভৱ হয় ।সেয়ে বেলিকিডছে আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় অনুষ্ঠান আইতাৰ সাধু ৰেডিঅ’তে শুনো-ৰ পোনপতীয়া সম্প্ৰচাৰৰ সহায়ত প্ৰত্যেক বুধবাৰে দিনৰ বাৰ বজাৰ পৰা এঘণ্টাৰ বাবে চলিবলগা সাধুপাঠৰ এই বিশেষ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ।প্ৰতিষ্ঠানটোৰ বাহিৰেও ইচ্ছুক সকলো শিশুৰে মুকলি অংশগ্ৰহণৰ সুবিধা থকা এই কাৰ্যসূচীত শুভাৰম্ভণি অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা লেখিকা ননী বালা দাসৰ লগতে বিশিষ্ট ব্যক্তি দিলীপ তালুকদাৰ,বেলিকিডছৰ সঞ্চালক ৰত্ন দাস,পৰিচালন সঞ্চালক মীনাক্ষী চৌধুৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।অনুষ্ঠানত উদ্বোধক ননী বালা দাসে শিশুৰ বিকাশত সাধুকথাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি বেলিকিডছৰ পদক্ষেপসমূহক প্ৰশংসা কৰে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন