দক্ষিণ কামৰূপৰ ঐতিহ্যৰে গৰকা পলাশবাৰী ৰাস মহোৎসৱ বিগত বছৰবোৰৰ দৰে এইবেলিও শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস লীলা মহাৰজত জয়ন্তী বৰ্ষ হিচাপে অহা ২৭ নৱেম্বৰৰ পৰা ১১ নৱেম্বৰলৈ পোন্ধৰদিনীয়াকৈ বিস্তৃত আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে পলাশবাৰী অঞ্চলবাসী ৰাইজে উদযাপন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি মণিময় কৰ আৰু যুটীয়া সাধাৰণ সম্পাদক পংকজ দাস, অৰূপ দাসে এইবেলি মহাৰজত জয়ন্তী বৰ্ষ উপলক্ষে বিভিন্ন ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰিছে বুলি এক সংবাদ মেল যোগে উল্লেখ কৰে।প্ৰায় ১ কোটি টকা ব্যয় সাপক্ষে আয়োজন কৰা ৰাস মহোৎসৱত প্ৰতিদিনে লক্ষধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হ’ব বুলি আশা প্ৰকাশ কৰে।লগতে ৰাস মহোৎসৱত প্ৰায় ৪৩ টা ষ্টল মৃণন্ময় মুৰ্তিৰে আটক ধুনীয়াকৈ সাজ সজ্জাৰে সজাই পৰাই তোলাৰ লগতে ১২ টা ষ্টল বৈদ্যুতিন হ’ব বুলি জানিবলৈ দিয়ে।লগতে মহাৰজত জয়ন্তী উপলক্ষে পলাশবাৰী ৰাস মন্দিৰ নিৰ্মাণৰ সাহাৰ্য্যাৰ্থে এখন উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈছে।মহোৎসৱৰ মূল তোৰণ আৰু মুখ্য মণ্ডপ এক আধ্যাত্মিক পৰিবেশৰে সজাই পৰাই তোলা হৈছে।লগতে আৰম্ভণিৰে পৰা জড়িত লোক তথা প্ৰয়াত পৰিয়ালবৰ্গক সম্বৰ্ধনা জনোৱাৰ লগতে ৭৫ খন পতাকা উত্তোলন কৰিব বুলিও জানিবলৈ দিয়ে।এইবেলি ৰাস মহোৎসৱৰ কাৰ্যসূচী অনুসৰি২৭ নৱেম্বৰৰ পুৱা ৯ বজাত পলাশবাৰীৰ ১ আৰু ২ নং ৱাৰ্ডৰ শ্ৰীশ্ৰী শনি মন্দিৰ প্ৰাঙ্গণৰ পৰা ভাগৱত লৈ সাংস্কৃতিক শোভাযাত্ৰা, ১১ বজাত ভাগৱত প্ৰতিষ্ঠা,১১-১০ বজাত পতাকা উত্তোলন কৰিব ৰাস মহোৎসৱ সমিতিৰ সভাপতি মণিময় কৰে, বন্তি প্ৰজ্বলন কৰিব কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতিয়ে, স্মৃতি তৰ্পন কৰিব যুটীয়া সাধাৰণ সম্পাদকদ্বয় পংকজ দাস আৰু অৰূপ দাসে। আবেলি ২ বজাত পূজা অৰ্চনা। সন্ধিয়া ৬-৩০ বজাত ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য্য কান্ত হাজৰিকাই। সন্ধিয়া ৬-৪৫ বজাত ৰাস বন্তি প্ৰজ্বলন কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। ইয়াৰ পিছতে উদ্বোধনী সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব আমাৰ অসমৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মাই। সভাত বিশিষ্ট অতিথি হিচাপে কামৰূপ জিলাৰ উপায়ুক্ত কিৰ্থী জল্লী, কামৰূপ জিলাৰ আৰক্ষী অধিক্ষক হিতেশ ৰয়, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমাদ্ৰী বড়া, সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা, বিশিষ্ট সমাজকৰ্মী অনিল দাস, অনুপ কুমাৰ মেধী, পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীনা দাস কলিতা উপস্থিত থাকিব। ইয়াৰ পিছতে বিশিষ্ট শিল্পী নৰেন চন্দ্ৰ কলিতা আৰু গোপাল কলিতাক শিল্পী সম্বৰ্ধনা জনোৱা হব। ২৮ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা সতীৰ্থ সন্মিলন আৰু দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।২৯ নৱেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা শিশু কৃষ্ণ, ৰাধাকৃষ্ণ যুগলৰূপ প্ৰতিযোগিতা আৰু শ্ৰীকৃষ্ণৰ ভক্তিমূলক গীতৰ আধাৰত দলীয় নৃত্য প্ৰতিযোগিতা। ৩০ নৱেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা ড০ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা।১,২ আৰু ৩ ডিচেম্বৰত সন্ধিয়াৰে পৰা সাংস্কৃতিক অনুষ্ঠান। ৪ ডিচেম্বৰত সন্ধিয়া ৬ বজাত ধৰ্মালোচনী সভা অনুষ্ঠিত হ’ব। সভাত মুখ্য বক্তা হিচাপে ইস্কনৰ সভাপতি জীভা দাস, দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি দাস, মহেশ মহন্ত, শ্ৰীশ্ৰী কৃষ্ণ বলোৰাম বৰ্ণাশ্ৰম প্ৰকল্পৰ প্ৰৱন্ধক অৱতাৰ দাস উপস্থিত থাকিব।৫ ডিচেম্বৰত সন্ধিয়া ৬ বজাৰ পৰা লোক সংস্কৃতি উৎসৱৰ লগতে স্থানীয় শিল্পীৰ ভিন্ন ৰঙীন অনুষ্ঠান।৬ ডিচেম্বৰ সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান।৭ ডিচেম্বৰৰ সন্ধিয়া ৬ বজাৰ পৰা যাত্ৰাভিনয়। ৮, ৯ আৰু ১০ডিচেম্বৰত সন্ধিয়াৰে পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।১১ ডিচেম্বৰ তথা অন্তিম দিনা সন্ধিয়া ৬ বজাত সামৰণি সভা আৰু সাংস্কৃতিক অনুষ্ঠান। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ, এমট্ৰনৰ পৰিচালন সঞ্চালক দীনমণি ভাণ্ডৰ কায়স্থ, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সভাপতি নাৰায়ণ চৌধুৰী উপস্থিত থাকিব। উক্ত সভাত স্নাতকোত্তৰ ভাস্কৰ্য শিল্পী বিজু কুমাৰ দাস, অভিযন্তা ইন্দু মোহন ভড়ালী, অভিযন্তা সঞ্জয় কলিতাক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব। ইয়াৰ পিছতেই সাংস্কৃতিক মঞ্চ উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী হিমাংশু শেখৰ বৈশ্যই। ৰাস মহোৎসৱৰ আটাইকেদিনৰ সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই