শ্ৰমিক কল্যাণ দিৱস উদযাপন

0 97

শ্ৰমিক নেতা সন্তোষ কুমাৰ টপ্নৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি অসম চৰকাৰে শ্রমিক কল্যাণ বিভাগৰ উদ্যোগত আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত শ্ৰমিক কল্যাণ দিৱস উদযাপন হয়।অনুষ্ঠানত অংশগ্রহণ কৰি শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণে কয় যে সুস্থ সবল শ্ৰমিকৰ অবিহনে দেশৰ প্ৰগতি সম্ভৱপৰ নহয়।ৰাষ্ট্ৰ গঠনৰ ক্ষেত্রত শ্ৰমিক সকলৰ ত্যাগ সদায় লেখত ল’বলগীয়া। বৰ্তমানৰ ৰাজ্য চৰকাৰে শ্ৰমিকৰ কল্যাণৰ বহুতে পদক্ষেপ গ্রহণ কৰিছে।

অনুষ্ঠানত শ্ৰমিক নেতা সন্তোষ কুমাৰ তপ্নৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কৃষি মন্ত্রী অতুল বৰাই ৰাজ্যৰ অৰ্থ নীতিত ভেটি সবল কৰা কৃষকসকলৰ সৈতে শ্ৰমিকৰ এক গুৰুত্বপূর্ণ ভূমিকাৰ কথা উল্লেখ কৰে। চাহ জনজাতি উন্নয়নৰ বাবে চৰকাৰে গ্রহণ কৰা জনকল্যাণমূলক আঁচনিৰ মন্তব্য কৰে। এই অনুষ্ঠানতে বনমন্ত্রী চন্দ্র মোহন পাটোৱাৰীয়ে শ্ৰমিক নেতা গৰাকীৰ দেশপ্রেমৰ কথা সোঁৱৰণ কৰে।এই অনুষ্ঠানতে ২৬টা বটাঁ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.