কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ফাঁচী বজাৰৰ নিকটৱৰ্তী ব্ৰহ্মপুত্ৰ নদীৰ কাছমাৰি ঘাটত অৱস্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত লাচিত বৰফুকনৰ ৪০১ সংখ্যক জয়ন্তী পালন কৰা হয়৷ লাচিত দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়া, জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এখন সভা৷ সভাত ভাষণ দি সাংসদ কুইন ওজাই লাচিত বৰফুকনক দেশ আৰু বিশ্ববাসীৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ পৌৰপতি মৃগেন শৰনীয়াই কয় যে লাচিত বৰফুকনৰ সাহস আৰু বীৰত্বই অসমীয়া জাতিক আজিও উদ্বুদ্ধ কৰি ৰাখিছে৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই আহোম সেনাপতি লাচিত বৰফুকনৰ যুদ্ধ কৌশল আৰু জটিল সময়ত নেতৃত্ব দিয়াৰ দক্ষতা আদি বিষয়ত অধ্যয়নৰ যথেষ্ট সুযোগ থকা বুলি কৈ নতুন প্ৰজন্মৰ শিক্ষাৰ্থী আৰু গৱেষকক এইক্ষেত্ৰত আগবাঢ়ি আহিবলৈ আহ্বান জনায়৷ সভাত সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা মঞ্জুৰাণী বৰ্মন আমন্ত্ৰিত বক্তা হিচাপে উপস্থিত থাকি লাচিত বৰফুকনৰ যুদ্ধকৌশল সন্দৰ্ভত আলোকপাত কৰে৷ লাচিত দিৱসৰ সৈতে সংগতি ৰাখি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলক এই সভাতে পুৰস্কাৰ প্ৰদান কৰা হয়৷ গুৱাহাটী পৌৰ নিগমৰ কেবাগৰাকী পাৰিষদ, জিলা প্ৰশাসন, পৌৰ নিগমকে ধৰি বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী, বহুসংখ্যক ৰাইজ সভাখনত উপস্থিত থাকে।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন