ঐতিহ্যমণ্ডিত পলাশবাৰী ৰাস মহোৎসৱৰ স্থায়ীভাৱে শ্ৰীশ্ৰীকৃষ্ণ প্ৰভুৰ মন্দিৰ নিৰ্মাণৰ কাম আজি পুনৰ আৰম্ভ কৰা হয়। প্ৰায় ২ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰৰ পুন: নিৰ্মাণ কাৰ্য মাংগলিক কাৰ্যসূচীৰে লাইখুটা স্থাপন কৰে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই।লাইখুটা স্থাপন কৰি বিধায়ক ঠাকুৰীয়াই পলাশবাৰী ৰাস মহোৎসৱে নানা ঘাট- প্ৰতিঘাটৰ মাজেৰে গৌৰৱোজ্জ্বল ৭৬ বৰ্ষ অতিক্ৰম কৰি এক সুকীয়া মাত্ৰা বহন কৰিছে বুলি মন্তব্য কৰে। লগতে ৰাস মহোৎসৱৰ শ্ৰীশ্ৰী কৃষ্ণ মন্দিৰৰ মূল মণ্ডপ পুন: নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰি গৌৰৱ অনুভৱ হোৱা বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। উক্ত কাৰ্যসূচীত পলাশবাৰী পৌৰসভাৰ পৌৰপতি ৰীণা দাস কলিতা, উপ-পৌৰপতি ভাস্কৰ কলিতা, ৭৬ তম্ পলাশবাৰী ৰাস মহোৎসৱৰ সভাপতি মণিময় কৰ, কাৰ্যকৰী সভাপতি লক্ষ্মী কাকতি, সাধাৰণ সম্পাদকদ্বয় পংকজ দাস, অৰূপ দাসকে ধৰি ৰাস মহোৎসৱ সমিতিৰ বিষয়ববীয়া, সদস্য তথা অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী