পশ্চিম গুৱাহাটীত বানাক্ৰান্তৰ মাজত পশু খাদ্য বিতৰণ

0 240

বিগত দুদিনধৰি ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো নৈ উপনৈৰ পানী কিছু কমিবলৈ ধৰাত আন প্ৰান্তৰ দৰে পশ্চিম গুৱাহাটীৰ বান পৰিস্থিতি সামান্য উন্নতি হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে পহিলা জুলাইত স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, ক্ষেত্ৰ বিষয়া অজয় মজুমদাৰ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মাৰ সৈতে মটৰ চাইকেলত উঠি বৰঝাৰ বিমান বন্দৰ চৌহদকে ধৰি কাষৰীয়া গড়ল, কুহাবড়ী, আমবৰী, ভক্তাবোৰী, লৱাৰ মিৰ্জাপুৰ আৰু খানামুখ হাওৰাপাৰাৰ বানাক্ৰান্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি বান পৰিস্থিতিত ৰাইজৰ হোৱা দুখ দুৰ্দশাৰ বুজ লয়।
 
 
 
 
ইফালে বিধায়ক গৰাকীৰ নিৰ্দেশত আজিৰে পৰা আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰীক্ষণ কমিটিৰ সদস্য সুভাষ শৰ্মাই পশু খাদ্য বিতৰণ কাৰ্যসূচীৰ তদাৰক কৰি আছে। ইফালে চক্ৰ বিষয়াৰ আহ্বান ক্ৰমে চৰকাৰী গাঁওবুঢ়া সকলে পশু খাদ্য বিতৰণ কাৰ্যসূচীত সহযোগিতা কৰে।

Leave A Reply

Your email address will not be published.