পশ্চিম গুৱাহাটীৰ অসম -মেঘালয় সীমান্তৱৰ্তী উমশ্ৰু গাঁওত ১৬ ডিচেম্বৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বন ধন বিকাশ কেন্দ্ৰৰ এটা কেন্দ্ৰ মুকলি কৰা হয়। অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত ৰংমন ট্যুৰিজিম চছাইটিৰ সভাপতি ধ্ৰুৱজ্যোতি দলৈয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰটো মুকলি কৰে আই.আই.ই, গুৱাহাটীৰ শিক্ষক প্ৰশান্ত গোস্বামীয়ে। অনুষ্ঠানত আই.আই.ইৰ প্ৰকল্প সহযোগী গৌৰাংগ বড়ো আৰু ক্লাষ্টাৰ উন্নয়ন কাৰ্যবাহী তাপস কলিতাই ভাষণত কেন্দ্ৰটোৰ পৰা ৰাইজ কিদৰে উপকৃত হ’ব তাৰ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত বন্ধন বিকাশ কেন্দ্ৰ সমবায় সমিতিৰ সভাপতি লীলা ৰাভা, সম্পাদক পংকজ দলৈ, উপদেষ্টা প্ৰমোদ কলিতা, সদস্য মাইনাত চাংমা, প্ৰণৱ দলৈ, বিজিত ৰাভা, জিন্টু ৰাভা, সীমান্ত আৰ মাৰাক, দত্ত ৰাভা, বৰণ্য আৰ মাৰাক, সৰ্বানন্দ ৰাভা উপস্থিত থাকে। আনহাতে অনুষ্ঠানত কেবাটাও মহিলা আত্মসহায়ক গোটে ভাগ লোৱাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয়।
Trending
- গৃহৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰিব পৰাকৈ নিৰ্বাচনী আয়োগৰ পদক্ষেপ
- নগঞা ঢুলীয়া, চিত্ৰশিল্পী, খনিকৰ মহেন্দ্ৰ বৰালৈ “বৰ্হমথুৰি শিল্পী বঁটা সাংস্কৃতিক মঞ্চ অসমৰ
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা