পশ্চিম গুৱাহাটীৰ অসম -মেঘালয় সীমান্তৱৰ্তী উমশ্ৰু গাঁওত ১৬ ডিচেম্বৰত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বন ধন বিকাশ কেন্দ্ৰৰ এটা কেন্দ্ৰ মুকলি কৰা হয়। অঞ্চলটোৰ বহুসংখ্যক ৰাইজৰ উপস্থিতিত ৰংমন ট্যুৰিজিম চছাইটিৰ সভাপতি ধ্ৰুৱজ্যোতি দলৈয়ে আঁতধৰা অনুষ্ঠানত কেন্দ্ৰটো মুকলি কৰে আই.আই.ই, গুৱাহাটীৰ শিক্ষক প্ৰশান্ত গোস্বামীয়ে। অনুষ্ঠানত আই.আই.ইৰ প্ৰকল্প সহযোগী গৌৰাংগ বড়ো আৰু ক্লাষ্টাৰ উন্নয়ন কাৰ্যবাহী তাপস কলিতাই ভাষণত কেন্দ্ৰটোৰ পৰা ৰাইজ কিদৰে উপকৃত হ’ব তাৰ বাখ্যা দাঙি ধৰে। অনুষ্ঠানত বন্ধন বিকাশ কেন্দ্ৰ সমবায় সমিতিৰ সভাপতি লীলা ৰাভা, সম্পাদক পংকজ দলৈ, উপদেষ্টা প্ৰমোদ কলিতা, সদস্য মাইনাত চাংমা, প্ৰণৱ দলৈ, বিজিত ৰাভা, জিন্টু ৰাভা, সীমান্ত আৰ মাৰাক, দত্ত ৰাভা, বৰণ্য আৰ মাৰাক, সৰ্বানন্দ ৰাভা উপস্থিত থাকে। আনহাতে অনুষ্ঠানত কেবাটাও মহিলা আত্মসহায়ক গোটে ভাগ লোৱাৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰী কৰা হয়।
Trending
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন