পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ জিমিৰ গাঁৱকে ধৰি কাষৰীয়া উমচুৰ,বাখলাপাৰা আদি অঞ্চল কমলা খেতিৰ বাবে বিখ্যাত। গুৱাহাটীৰ পৰা প্ৰায়,৬০ কিলোমিটাৰ নিলগৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সুদৃষ্টি নপৰা অঞ্চলটোৰ এই কমলা খেতিৰ লগত জড়িত কেবা শতাধিক কৃষকে চৰকাৰৰ মুখলৈ বাট নাচাই কমলা খেতিৰে স্বাৱলম্বনৰ পথ মোকলোৱাৰ সংগ্রাম অব্যাহত ৰাখিছে। এই সন্দৰ্ভত কমলা খেতিৰ বাবে বিখ্যাত জিমিৰগাঁও অঞ্চলৰ উদীয়মান যুৱক তথা কমলা খেতিৰ লগত জড়িত সুৰজিৎ ৰাভা, শ্রীমন্ত ৰাভা, মিন্টু ৰাভা, খৰ্গেশ্বৰ ৰাভা, ভগৱান ৰাভা, সঞ্জয় ৰাভা, জিমিৰগাঁও ৰাইজ গয়ৰহৰ কৰ্মকর্তা প্ৰণৱ ৰাভাকে ধৰি অঞ্চলটোৰ কেইবাজনো লোকে ব্যক্ত কৰা অনুসৰি অঞ্চলটোত প্ৰায় এশটা পৰিয়াল আছে। তেওঁলোকৰ বেছিভাগৰে ডেৰ বিঘাৰ পৰা আৰম্ভ কৰি দহ বিঘা মাটিৰ একোখনকৈ সৰু-বৰ কমলা বাগান আছে। চৰকাৰী সহায় অবিহনে এওঁলোকে বতৰৰ ফল কমলা খেতি কৰি সেয়া বিক্ৰী কৰি দুপইচা অৰ্জন কৰি আহিছে।কিন্তু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ পৰা কোনো সহায়-সহযোগিতা পোৱা নাই। এইসকল খেতিয়কক উপযুক্ত প্রশিক্ষণ প্রদান কৰিলে তেওঁলোকৰ উৎপাদন বৃদ্ধি হোৱাৰ যথেষ্ট থল আছে। ইতিমধ্যে নবেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা পকা কমলা বিক্রী কৰি আহিছে আৰু জানুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহলৈকে বিক্ৰী কৰিব পাৰিব। কিন্তু চৰকাৰে প্ৰশিক্ষণকে ধৰি কিছু সা-সুবিধা আগবঢ়ালে তেওঁলোকৰ উৎপাদন বৃদ্ধি হ’ব বুলি কৃষকসকল আশাবাদী। যাৰ বাবে বিষয়টোত হস্তক্ষেপ কৰি কমলা খেতিয়কসকলক সহায়ৰ হাত আগবঢ়াবলৈ সচেতন লোকে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দাবী জনাইছে। আনহাতে, এই সন্দৰ্ভত জিমিৰগাঁৱৰ কাষৰীয়া উমচুৰ অঞ্চলৰ কমলা খেতিৰ লগত জড়িত উদ্যামী যুৱক ধ্রুব দলৈয়ে মত ব্যক্ত কৰা অনুসৰি যি সময়ত প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যত জৈৱিক কৃষি আৰু উদ্যান শস্যৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা সহায়-সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে, সেই সময়ত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ৰাজ্যৰ কমলাকে ধৰি উদ্যান শস্যৰ লগত জড়িত কৃষকসকলক কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ অধীনত সহায় কৰাতো দূৰৈৰ কথা, কৃষিক্ষেত্ৰসমূহ চিনাক্তই কৰিব পৰা নাই। চৰকাৰী কোনো সহায়- সহযোগিতা অবিহনে গাঁঠিৰ ধন ভাঙি কমলা খেতি কৰা এইসকল কৃষকক উপযুক্ত প্রশিক্ষণ প্রদান কৰি উৎপাদন বৃদ্ধিত অৰিহণা যোগাবলৈ চৰকাৰক ৰাইজে দাবী জনাইছে।
Trending
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ