মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছৰ ভয়াবহ সংক্ৰামণ ৰোধৰ বাবে ২৪মাৰ্চৰ পৰা দেশজুৰি চলি থকা ২১ দিনীয়া লক ডাউনৰ সমান্তৰালভাৱে ৰাজহুৱা স্থান, হাট বজাৰ বাট পথকে জনসমাগম হোৱা অঞ্চল সমূহক বীজাণুমুক্ত আৰু ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্যৰ আন প্ৰান্তৰ লগতে পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ গ্ৰামাঞ্চল উভয়তে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটী পৌৰ নিগম,আজাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সহযোগত চেনিটাইজ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।দেওবাৰে দিনৰ ভাগত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই মহানগৰীৰ গডচুকৰ পৰা আমবাৰীলৈ অগ্নি নিৰ্বাপক গাড়ীৰ জৰিয়তে চেনিটাইজ কৰে।এই কাৰ্যসূচীৰ গুৱাহাটী পৌৰ নিগমৰ কাৰ্য্যবাহী অভিযন্তা দীপাংকৰ কাকতিকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।জানিব পৰা মতে এই কাৰ্য্যসূচী ১৪এপ্ৰিল পৰ্য্যন্ত চলি থাকিব।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন