পশ্চিম গুৱাহাটীৰ ৰাণীৰ পাৰ্শ্ববৰ্তী পাথৰখামাৰ উমচাও গাঁৱত ৰাভা জনগোষ্ঠীৰ মহিলাৰ পৰম্পৰাগত বিহু উদযাপন
অসমীয়া জাতিৰ আয়ুস ৰেখা স্বৰূপ বহাগ বিহুৰ আনন্দত মতলীয়া হৈছে ৰাজ্যবাসী। ১৪ এপ্ৰিলত গৰু বিহু আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি কাৰ্যত বিহুৰ আনন্দ – উলাহৰ মাদকতাত জাতি, ধৰ্ম নিৰ্বিশেষে অসমত ৰাইজে ভাগ লোৱাৰ লগতে ঠাইবিশেষে সন্ধিয়াৰ পাছত আৰম্ভ হৈছে বিহুৰ সাংস্কৃতিক অনুষ্ঠান । একেদৰে দেশ -বিদেশত থকা অসমীয়া লোকসকলেও সাধ্যানুসৰি বিহু উদযাপন কৰাৰ খবৰ পোৱা গৈছে। ইয়াৰ মাজতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ পৰা মাত্ৰ ৩০ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰিভয় জিলাৰ জিৰাং বিধানসভা সমষ্টিৰ অন্তৰ্গত পাথৰখামাৰ উমচাও গাঁৱত তাত বাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলে ১৪ এপ্ৰিলত পৰম্পৰাগত গৰু বিহু উদযাপন কৰাৰ পাছত আজি পহিলা বহাগৰ দিনা ৰাভা জনগোষ্ঠীৰ মহিলা সকলে সমাজৰ মুখিয়াল লোক ক্ৰমে – গাওঁবুঢ়া, বাৰিকা আৰু দলৈৰ ঘৰে ঘৰে গৈ পৰম্পৰাগতভাবে বিহু নৃত্য প্ৰদৰ্শন কৰি তেওঁলোকৰ পৰা বছৰটোৰ মঙ্গল কামনা কৰি আশীৰ্বাদ গ্ৰহণ কৰে। তাত বিহু নৃত্য প্ৰদৰ্শন কৰা মহিলা সকলক গৃহস্থৰ ফালৰ পৰা পৰম্পৰাগত অসমীয়া জলপান আগবঢ়োৱা হয়। মহিলা সকলে সমাজৰ তিনিও গৰাকী মুখিয়াল লোকৰ ঘৰত আগবঢ়োৱা জলপান গ্ৰহণ কৰে। এই সন্দৰ্ভত উমচাও মহিলা সমাজৰ সভানেত্ৰী জিতুমণি নংবাক , প্ৰাক্তন সভানেত্ৰী বাসন্তী ৰাভা, সম্পাদিকা ৰঞ্জিতা মেগোই জানিবলৈ দিয়া মতে অহাকালি দুই বহাগৰ দিনা তাত প্ৰতিঘৰ মানুহৰ ঘৰে ঘৰে গৈ বিহু নৃত্য প্ৰদৰ্শন কৰি ইজনে সিজনক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বছৰটোৰ মঙ্গল কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাব। তেওঁলোকৰ উমচাওত ১০০ ঘৰ আৰু গাতে লগা বাৰেগাঁৱত ১৫০ ঘৰসহ মুঠ ২৫০ ঘৰ ৰাভা জনগোষ্ঠীৰ লোক খাছীকে ধৰি আন সম্প্ৰদায়ৰ লোকসকলৰ সৈতে সম্প্ৰীতিৰ বিৰল নিদৰ্শন দাঙি ধৰি যুগ যুগ ধৰি মিলাপ্ৰীতিৰে বাস কৰি আহিছে। দুই বহাগত ঘৰে ঘৰে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ পাছত সন্ধিয়া লগে ভাগে এসাজ খাব। ৮ বহাগ অৰ্থাৎ ২২ এপ্ৰিলৰ দিনা বাৰেগাঁৱত পৰম্পৰাগত ভাবে সুঁৱৰি উৎসৱ পালন কৰা হব। সেই উৎসৱতো তাৰ মহিলা সমাজে সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰিব। বেলেগ ৰাজ্যত বাস কৰি আহিলেও নানান সীমাবদ্ধতাৰ মাজতো তেওঁলোকে অসমীয়াৰ প্ৰতিটো পৰম্পৰাগত উৎসৱ পালন কৰি আহিছে।